পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩২
আবিষ্কাৰ


 ময়ো দেখিলোঁ, সেয়েই ভাল। তেতিয়া তেওঁৰ পৰামৰ্শ- মতেই পুৰীলৈ আহিলোঁ। তেওঁ নিজে লৈ আহি ঘৰৰ বন্ধবস্ত কৰি দি গ'ল। চাকৰণীজনীও লগত দিলে; তাইৰো মোৰ প্ৰতি এটা স্বাভাবিক মমতা জন্মিছিল।
 ইয়াত থকা এমাহৰ ওপৰ হ’ল; কিন্তু অবস্থা ভাললৈ অহা দূৰৰ কথা, দিনে দিনে বেয়ালৈহে আহিবলৈ ধৰিলে। এতিয়া মোৰ জীৱনৰ আশা শেষ হৈছে; শেষ মুহূৰ্ত্ত চাপি আহিছে। ক’ব নোৱাৰোঁ ঠিক কেতিয়া সেই শুভ মুহূৰ্ত্তই দেখা দিয়ে! ইয়াৰ আগতে এবাৰ আপোনাক দেখা পালে মৃত্যুৰ শান্তি ভালকৈ উপলব্ধি কৰিব পাৰিম, ন'হলে মনত এটা দাৰুণ অশান্তি লৈ সিপুৰীলৈ যাব লাগিব।
 মই ইমানবোৰ কথা লিখাৰ উদ্দেশ্য হৈছে আপোনাৰ দৰে সংস্কাৰকসকলক আচল বাট আঙ্গুলিয়াই দিয়া। আপোনালোকে সংস্কাৰত হাত দিয়ে কাল্পনিক আদৰ্শ লৈ, বাস্তৱতালৈ লক্ষ্য কৰা প্ৰায়ে দেখা নাযায়। পতিতাক উদ্ধাৰ কৰিবলৈ আপোনা- লোকৰ যি আগ্ৰহ, সি ভাব প্ৰৱণতাৰ পৰা ওলোৱা, অভিজ্ঞতাৰ পৰা নহয়। পতিতাৰ আন্তৰিক প্ৰবৃত্তিবিলাক আন নাৰীতকৈ ধীৰ নহয়, বৰং উগ্ৰ। তেনেস্থলত সেই প্ৰবৃত্তিবিলাকৰ পূৰ্ণতাত সজ পথে দি সুযোগ নোলালে সি যে জঘন্যভাবে চৰিতাৰ্থ হ'ব, তাত সন্দেহ কি! মই স্বীকাৰ কৰোঁ মই পতিতা, আপুনি মোক নৰকৰ দ গাতৰ পৰা তুলি আনিছিল। কিন্তু আনিছিল যদিও আকৌ পিছলি পৰিব নোৱৰাকৈ বন্ধনত