আহিছিলোঁ, আপুনি মোক আশ্ৰয় নিদিলে। বোধ কৰোঁ
এইবাৰ আপুনি আগ ধৰি কিবা গম পাইছিল। মই নিৰুপায়
হলোঁ। আপুনি মোক যেনে ভাবে খেদিলে, তাৰ পাচত
আৰু আপোনাৰ আঁৰত লুকাই সৰাৰ আশা এৰিব লগা হ'ল।
এনে অৱস্থাত আকৌ গোলাঘাটলৈ উলটি যাবলৈ সাহ
কৰিব নোৱাৰিলোঁ। আপোনাক যদিও টকা নাই বুলি ফাকি
দিছিলোঁ, মোৰ হাতত তেতিয়া দুশমান টকা আছিল। তাৰ
লগতে আপুনি দিয়া টকা শওপাই এইবাৰ ধুবুৰীৰ ফালে
যোৱকে ঠিক কৰিলোঁ। তালৈ গৈ এজন কংগ্ৰেচ কৰ্ম্মীৰ
আশ্ৰয়তে দিনচেৰেক আছিলোঁ। কিন্তু গোলাঘাটৰ পৰা কিয়
আহিলোঁ, তাৰ কৈফিয়ৎ যাকে তাকে দিব লগা হোৱাত তাত
থাকিও শান্তি নোপোৱা হ'লোঁ; মোৰ মিছা কথাবোৰ ধৰা
পৰিলে আৰু বেচি লাজৰ কথা হব, ইয়াকে ভাবি আকৌ
আন কোনোবা ফালে যোৱাৰ কথা ভাবিবলৈ ধৰিলোঁ।
তাতে পৰৰ আলহী হৈ সদায় থকাৰো কোনো উপায় নাছিল।
এনেতে এদিন বাতৰি কাকতত ওলোৱা জাননী এখনত চকু
পৰিল :-
গৃহ-শিক্ষয়িত্ৰী ( Governess ) লাগে।
মাতৃহীনা দুটি শিশুৰ তত্ত্বাৱধান লবলৈ এজনা গৃহ-
শিক্ষয়িত্ৰীৰ প্ৰয়োজন। মানুহ গৰাকী শিক্ষিত, গৃহকৰ্ম্ম-
নিপুণা আৰু সুন্দৰী হ'ব লাগিব। বয়স পঁচিশ বছৰৰ ওপৰ
হ'ব নালাগে। দৰমহা মাহে কুৰি টকা। থকা আৰু খোৱাৰ
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২৩৬
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২৮
আবিষ্কাৰ