চতুস্ত্ৰিংশ অধ্যায়।
-প্ৰতিমাৰ চিঠি-
প্ৰতিমাৰ পাৰ্থিব অৱশেষ ভস্মত পৰিণত কৰি আহি মাধৱে
চিঠিখন মেলিলে। মালবিকাও ওচৰতে বহিল। মাধৱে
পঢ়িবলৈ ধৰিলে :-
শ্ৰীচৰণকমলেষু,
কোনো বাতৰি নিদিয়াকৈ আজি এবছৰ পাৰ হৈ গ'ল।
আপুনি কি কৰিছে, ক'ত আছে, তাৰো ভু নাপাওঁ। আজি
মোৰ অৱস্থা সঙ্কটজনক, আৰু কেইদিন জীয়াই থাকোঁ ক'ব
নোৱাৰোঁ। আপোনাক এবাৰ দেখা পাবলৈ বৰ হাবিয়াস
জন্মিছে, মোৰ আশা পূৰ্ণ হ’ব নে? পাপীয়সীক আপুনি ক্ষমা
কৰিব পাৰিব নে? অন্তিমত এবাৰ পদ-ধূলি ল’বলৈ সুযোেগ
দিব নে?
ইয়াৰ আগতে আপোনাক মাতি এখন চিঠি লিখিছিলো,
শেষ দেখাৰ নিমিত্তে অনুৰোধ কৰি। আপুনি যদি ঠিক সময়ত
চিঠিখন পায়, আৰু মোৰ অনুৰোধ ৰাখে, তেনেহলে হয়তো এই
চিঠি নিলিখিলেও হ'লহেতেন। কিন্তু যদি কিবা স্বৰূপে নাপায়
বা পালেও নাহে, নাইবা আহিলেও যদি সেই সময়লৈ মোৰ
কথা ক’বৰ শক্তি নাথাকে, তেন্তে মোৰ কবলগীয়া বহুতো
কথা মনতে থাকি যাব। সেই কাৰণে মোৰ কবলগীয়া সকলো