পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২০
আবিষ্কাৰ


পৰা একো ক’বই নোৱাৰে; মাত-কথা, আহাৰ পানী সকলো বন্ধ।”
 মাধৱ ওচৰ চাপি প্ৰতিমাৰ গাত হাত দি চালে, নাড়ীৰ গতি লক্ষ্য কৰিলে। তেওঁৰ চকু টুলটুলীয়া হ’ল; মালবিকাক ক'লে,-“ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰাৰ বাহিৰে আৰু কৰিবলৈ একো নাই।”
 হঠাৎ প্ৰতিমাই চকু মেলিলে। কিন্তু সেই চকুত মানুহ চিনিবৰ জোখাই জ্যোতি নাছিল। মাধৱে ক'লে,-“প্ৰতিমা, মই আহিছোঁ।”
 প্ৰতিমাই কিবা ক'লে, কিন্তু সি অস্পষ্ট। তথাপি মাধৱে তিনটা কথা বুজিব পাৰিলে,-“আহিল। ভাগ্য! পদধূলি?”
 যন্ত্ৰচালিতৰ দৰে মাধৱে পদধূলি দিলে। প্ৰতিমাৰ মুখত এটা তৃপ্তিৰ পোহৰ পৰিল। মাধৱে কি কৰিব, কি নকৰিৰ একো স্থিৰ কৰিব নোৱাৰি নিৰ্ব্বাক নিশ্চল হৈ মুখলৈ চাই থাকিল।
 হঠাৎ প্ৰতিমাই মূৰ লৰালে, যেন তেওঁ উঠিব খুজিছে। মাধৱে তাত বাধা দিবৰ উদ্দেশ্যেই সাবটি ধৰিলে। কিন্তু পিচ মুহূৰ্ত্ততে বুজিলে সকলো অন্ত হ’ল, প্ৰতিমাৰ প্ৰাণ-পখী উৰি গ'ল, যেন মাধৱক দেখা পাবৰ নিমিত্তেই হে বাট চাই আছিল।
 মাধৱ আৰু মালবিকাই চকু-লো মচিলে। চাকৰণীজনীয়ে চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে।