পাৰত বহুতো মানুহ—কোনো স্নানাৰ্থী, কোনো ভিক্ষাৰ্থী,
কোনোবা আকৌ শীতল সমীৰণাৰ্থী। কোনো কোনোৱে স্নান
কৰিছে,-অভিজ্ঞ জনে পানীত বুৰিয়াই নাইবা জঁপিয়াই ঢৌৰ
হাত সাৰিছে, অনভিজ্ঞ জন ঢৌৰ ঠেলাত পাৰত ছিটিকি
পৰিছে। সমুদ্ৰৰ এই আন্দোলিত বুকুৰ ওপৰে দি ছটীয়া
কাঠত উঠ মাছমৰীয়াই নিঃসংশয়ে মাছ মাৰি ফুৰিছে।
ভিক্ষুকৰ কাকূতিত কোনোৱে এটা পাই পেলাই দিছে,
কোনোৱে বা দুই চাইটা টান কথা শুনাই দি আঁতৰি গৈছে।
কোনোৱে আকৌ পাই এটা লৈ সাগৰৰ মাজলৈ দলিয়াই দিছে,
আৰু কুৰি ডেৰ কুৰি সৰু লৰাই পানীত বুৰিয়াই বিচাৰি ফুৰাৰ
পাচত কোনোবা এটাই দাঁতেৰে কামুৰি লৈ ওলাই
আহিছে।
মাধৱ আৰু মালবিকাই বেচি পৰ এইবোৰলৈ চকু দিব
পৰা নাছিল; কিয়নো আমোদত কটাবলৈ তেওঁলোকৰ সময়
নাছিল। তেওঁলোকে চিঠিত দিয়া ঠিক নামতে প্ৰতিমা থকা
ঠাই বিচাৰিবলৈ ধৰিলে। বহুত অনুসন্ধানৰ পিচত সাগৰৰ
দাঁতিৰে সৰু ঘৰ এটাৰ খোটালী এটাত প্ৰতিমা থকাৰ গম পাই
দুয়ো ভিতৰলৈ সোমাই গ'ল। তেওঁলোকে গৈয়েই দেখিলে
এখন শয্যাত প্ৰতিমা শুই আছে। প্ৰতিমাক দেখি চিনিবৰ
সাধ্য নাই; দেহত হাড়-ছাল-মাত্ৰ অৱশেষ; মুখত কান্তি নাই,
চকু জ্যোতিহীন ওচৰত এজনী চাকৰণী।
মাধৱৰ প্ৰশ্নৰ উত্তৰত চাকৰণীজনীয়ে ক'লে,-“কালিৰে
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২২৭
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১৯
পদধূলি