ত্ৰয়স্ত্ৰিংশ অধ্যায়।
–পদধূলি-
পিচ দিনা গুৱাহাটীৰ পৰা যাত্ৰা কৰি মাধৱ আৰু মাল-
বিকাই চতুৰ্থ দিনা পুৰী পালেগৈ। সাগৰৰ তীৰত এই
মহাতীৰ্থ অজি কত কাল ৰোগী-ভোগী, উচ্চ-নীচ, সাধু-অসাধু,
ধনী-দৰিদ্ৰ সকলোৰে মিলনক্ষেত্ৰ হৈ বিৰাজ কৰিছে।
কত শত যাত্ৰী অশেষ কষ্ট স্বীকাৰ কৰি এই পুণ্য ক্ষেত্ৰত পবিত্ৰ
হ’বলৈ আহিছে। কত ৰোগীয়ে সমুদ্ৰ-তীৰৰ স্বাস্থ্যাবাসত
ৰোগমুক্তিৰ সাধনা কৰিছে! কালৰ প্ৰভাবে ইয়াৰ মহিমা
কমাব পৰা নাই, বৰং দিনে দিনে বঢ়াব লাগিছে।
মাধৱ আৰু মালবিকা সাগৰৰ পাৰত উপস্থিত হ'ল।
সাগৰৰ বুকত সৌন্দৰ্য্য আৰু ভীষণতাৰ লীলাখেলা দেখি দুয়োৰে
প্ৰাণত এটা অনিৰ্ব্বচনীয় পুলক জাগি উঠিল। কি বিশাল
তাৰ অবয়ব! কি অসীম তাৰ বিস্তৃতি! তাৰ শেষ সীমা
আকাশৰ লগত মিলি, তলে-ওপৰে বিৰাট নীলিমাৰ সৃষ্টি কৰি
যেন নীলাম্বৰৰ বিৰাট বপু বাস্তৱ কৰি তুলিছে; উদ্বেলিত তৰঙ্গ-
মালাৰ তাণ্ডব নৃত্যই তটভূমি বিকম্পিত কৰিছে; গুৰু-গম্ভীৰ
নিৰ্ঘোষে শ্ৰোতাৰ অন্তৰত একে লগে শ্ৰদ্ধা আৰু ভীতি উৎপাদন
কৰিছে। সূৰ্য্য়কিৰণত ফেনিল নীলাম্বুৰাশি মণিময় উত্তৰীয়ৰ
দৰে জিলমিলাব লাগিছে।