পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১৭
ঈশ্বৰৰ কৰুণা


নিমিত্তে প্ৰাণ কান্দি উঠিছে। অভাগিনীৰ শেষ অনুৰোধ ৰাখিব নে? চিঠি পায়েই আহিলে দেখা পাবও পাৰোঁ, পলম কৰিলে আশা নাই। মোৰ শেষ সম্বল আপোনাৰ পদ- ধূলি এটিৰ পৰাও বঞ্চিত কৰিব নে!

আপোনাৰ
পতিতা শিষ্যা
প্ৰতিমা।

 প্ৰতিমাক ঘৰত সোমাবলৈ নিদি খেদোৱাৰ দিনাৰে পৰা মাধৱে কোনো খবৰ লোৱা নাই। প্ৰতিমায়ো ইয়াৰ আগলৈকে একো লিখা নাছিল। মাজে মাজে যে মাধৱে প্ৰতিমাৰ কথা নাভাবে এনে নহয়; কিন্তু ভবাতেই অন্ত হয়; তেওঁ যে এজনী পতিতাক উদ্ধাৰ কৰিও ৰাখিব নোৱাৰিলে তাৰ কাৰণ উলিয়া- বলৈ যত্ন কৰি হতাশ হয়; ক’ত যে ভুল হ’ল তাক কোনোমতে ধৰিব নোৱাৰে। আজি এই চিঠি পাই আকৌ সকলোেবোৰ ঘটনা তেওঁৰ চকুৰ আগত ফটফটীয়া হৈ জিলিকি পৰিল। তেওঁ মৌন হৈ চিন্তা কৰিবলৈ ধৰিলে। অলপ পাচত মাল বিকাই সুধিলে,—“পিচে কি কৰিব খুজিছে? যাব নে নাযায়?
 মাধৱ। যাম। কালিলৈ পুৱাৰ গাড়ীতে যাম। কিন্তু অকলৈ নহয়, তুমিও ওলাব লাগিব।
 মাধৱৰ প্ৰস্তাৱত মালবিকাই আনন্দ পালে। কিয়নো এই ছেগতে তেওঁ বহুত নেদেখা ঠাই দেখিবলৈ পাব। তেওঁ তেতিয়াৰে পৰা লাগতিয়াল বস্তু-বাহানি ঠিক কৰাত লাগিল।