মুখৰ হাঁহি মাৰ গ'ল। কিন্তু ঈশ্বৰৰ ইচ্ছা চোৱাঁ,-তোমা
কৌমাৰ্য্য়ও নষ্ট নকৰিলে, অথচ মোৰ লগত বিনা কষ্টে চলিব
পৰাকৈ তোমাক গঢ়ি দিলে। অকল সেয়ে নহয়, ধনৰ অভাবত
কৰিব নোৱৰা প্ৰয়োজনীয় কাম কৰিবলৈ তোমাৰ হাতত এটা
মূল্যবান সম্পত্তিও অৰ্পণ কৰিলে। তেওঁ যেন আমাৰ সামান্য
অমিল গুচাই মিলনৰ বাট পৰিষ্কাৰকৈ বান্ধিবৰ নিমিত্তেই এই
বিয়াখন পাতিছিল। প্ৰথমতে যদিও ইয়াক অভিশাপ বুলি
ভাবিছিলোঁ, এতিয়া সি বৰত পৰিণত হৈছে।
মাল। যি হওক, সেইবোৰ কথা সমাধিৰ গৰ্ভত লয়
যাবলৈ দিয়াই ভাল। তাৰ স্মৃতি আনন্দদায়ক নহয়।
মাধৱ। বাৰু, নুলিয়াওঁ আৰু। দুখ বেজাৰৰ মাজে
দিও যে ঈশ্বৰে কৰুণা প্ৰকাশ কৰে, সেই ভাব মনলৈ আহিলত
হে উদাহৰণস্বৰূপে কথাটো কলোঁ। খং নকৰিবা দেই।
এনেতে পিয়নে কেইখনমান চিঠি দি গ'ল।
মাধৱে চিঠিবোৰ চাই দেখিলে তাৰে এখন পুৰীৰ পৰা
আহিছে। পুৰীৰ পৰা তেওঁলৈ চিঠি দিব লগীয়া কোনো মানুহ
নাছিল; সেই কাৰণে তেওঁ সেইখনকে আগেয়ে মেলি চালে।
মেলিয়েই বুজিলে চিঠিখন প্ৰতিমাৰ পৰা আহিছে। তেওঁ পঢ়ি
গ’লঃ—
শ্ৰীচৰণকমলেষু,—
বহুত দিন একো লিখা নাই; আপোনাৰো একো বাতৰি
পোৱা নাই। আজি মই মৃত্যুৰ দুৱাৰ-দলিত। শেষ দেখাৰ
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২২৪
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১৬
আবিষ্কাৰ