পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০৬
আবিষ্কাৰ


তোমাৰ; কোনেও আমাৰ মিলনত বাধা দিব নোৱাৰে। মই তোমাকে বিয়া কৰাম।
 মাল। কেনেকৈ কৰাব! যদিও মোৰ বিয়া হোমৰ গুৰিতেই শেষ, তথাপি লোকাচাৰ আৰু শাস্ত্ৰাচাৰমতে মই বিধবা।
 মাধৱ। সি ঠিক এটা দুঃস্বপ্ন মাথোন। এতিয়া সি নাই; আছে এটা এৰি থৈ যোৱা অৱসাদ। তাক পাহৰি ভাবিব লাগিব যেন তোমাৰ বিয়া হোৱাই নাই।
 মাল। কিন্তু সমাজে তো সেই কথা নামানে। সমাজৰ মতে মই বিধবা।
 মাধৱ। বিধবাৰো বিয়া হ'ব পাৰে।
 মাল। আপুনি তেন্তে বিধবা-বিবাহ সমৰ্থন কৰে?।
 মাধৱ। স্থলবিশেষে কৰোঁ।
 মাল। কেনে স্থলত॥
 মাধৱ। যদি বিধবাই নিজে পুনৰ্বিবাহ কামনা কৰে, যদি বিধবাৰ বয়স থাকে, আৰু উপযুক্ত সন্তান নাথাকে। কম বয়সীয়া আৰু সন্তানহীনা হলেও যি ব্ৰহ্মচাৰিণী হৈ থাকিবলৈ। ইচ্ছা কৰে, তেওঁক গাৰ বলৰে বিয়া দিবলৈ বা কৰাবলৈ চেষ্টা কৰা অনুচিত। পৰাশৰ সংহিতাত কৈছে,—

“নষ্টে মৃতে প্ৰব্ৰজিতে ক্লীৱে চ পতিতে পতৌ।
পঞ্চস্বাপৎসু নাৰীণাং পতিৰণ্যোং বিধীয়তে।”

কিন্তু হ'ব পাৰে বুলিলেই যে হ'বই লাগিব এনে নহয়।