তেতিয়া ঘৰলৈ নাহি বাজে বাজে বেমাৰীৰ খবৰ কৰিবলৈ
গলোঁ। তাতে তোমাক ছয়াময়াকৈ দেখা পালোঁ। তেতিয়া
মোৰ মনত এনে এটা উদ্বেগৰ সৃষ্টি হৈছিল যে, কোনোমতেহে
নিজক চম্ভালি ৰাখিলোঁ। সেই কাৰণে ইয়ালৈ আহিও
পোনতে তোমাৰ কাষ চাপিবলৈ সাহ জন্মা নাছিল।
মাল। ময়ো সেই একে কাৰণতে ইমান বেলিলৈকে
আঁতৰে আঁতৰে আছিলোঁ। মহীধৰৰ ঘৰতেই কিজানি এনে
ঘটনা ঘটিলহেতেন। আপোনাক দেখিয়েই মোৰ বুকু এনেকৈ
ঢপঢপাই আহিল যে মই গতি বিষম দেখি ততালিকে ওলাই
গৈ বাহিৰৰ কঠ এটাত বহিলোঁ। বহুত সময় মই একোকে
ক’ব নোৱাৰিছিলোঁ। তাৰ পিচত অলপ তৎ পাই লাহে
লাহে ঘৰলৈ আহিলোঁ। ইয়াতো ততালিকে লগ ধৰিলে
কিবা অনৰ্থ ঘটিব পাৰে বুলি ওলোৱা নাছিলোঁ, তথাপিও
শেহত ধৈৰ্য্য় ৰাখিব নোৱাৰিলোঁ।
মাধৱ। মই কেতিয়াও বিয়া কৰোৱাৰ কথা ভবা
নাছিলোঁ, কাৰণ বিয়া কৰালেও মোৰ দাম্পত্য-জীৱন পৰ-
সেৱাত উচৰ্গা কৰিব লাগিব। সেই কাৰণেই তোমাক প্ৰাণেৰে
সৈতে ভাল পায়ো কেতিয়াও তাৰ আভাস দিয়া নাছিলোঁ;
বিবাহত সুখী হ’বা বুলিয়েই তোমাক আনৰ হাত সপি দিয়াতো
আপত্তি তোলা নাছিলোঁ। কিন্তু ঈশ্বৰৰ ইচ্ছা অন্যৰূপ।
সম্পূৰ্ণ বিচ্ছেদ ঘটাৰ পিচতো তেওঁ আকৌ আমাৰ মিলনৰ
ব্যৱস্থা কৰিছে। এতিয়া বুজিছো তুমি মোৰ, আৰু মই
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২১৩
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০৫
ভুল সংশোধন