নাই। আনফালে দেউতাই এজন নহয় এজনৰ লগত বিয়া
পাতিবলৈ ব্যস্ত হৈ থাকিবই। বিয়াৰ পৰা মই যেতিয়া সুখী
হ’ব নোৱাৰেৱেই, দেউতাক অনাহকত চিন্তাত ৰাখোঁ কিয়?
যাৰে তাৰে লগত বিয়া হৈ গলেই তেওঁৰ অসন্তোষ আৰু
দুশ্চিন্তা আঁতৰ হ’ব। এইবোৰ ভাবি-চিন্তি শেহত, আপত্তি
কৰিবলৈ এৰি দিলোঁ।
মাধৱ। মই যদি তোমাৰ মনোভাব বুজিব পাৰিলোঁ-
হেতেন, তেনেহলে এই বিয়া হ'বলৈ কেতিয়াও নিদিলোঁ-
হেতেন। এই বিয়াত তুমি সুখী হ’বা বুলি ভাবি লৈছিলাঁ।
আৰু সেই কাৰণেই দেউতাৰাৰ প্ৰস্তাব সমৰ্থন কৰিছিলোঁ।
তেতিয়াই মই স্থিৰ কৰিছিলো—মোৰ স্বাৰ্থৰ নিমিত্তে
কেতিয়াও তোমাৰ সুখত ব্যাঘাত নজন্মাওঁ; তাতকৈ তোমাৰ
স্মৃতি-বিজড়িত এই ঠাই পৰিত্যাগ কৰি অজ্ঞাত বাস কৰিম।
মুঠতে দুয়োৰে ভুলত এই মহা অনৰ্থৰ সৃষ্টি হ'ল।
মাল। মই ইয়ালৈ অহাৰ কথা আপুনি কেতিয়া
জানিলে?
মাধৱ। এসপ্তাহমান আগতে মথুৰাৰ পৰা পোৱা এখন
চিঠিত তোমাৰ সকলো কথা জানিব পাৰিলোঁ। তোমাক
দেখা পাবলৈ এটা প্ৰবল ধাউতি জন্মিল। সিফালে তাত
কলাজ্বৰেও শাম কাটিছে। যি অলপ বাকী আছে তাৰ ভাৰ
আন স্বেচ্ছাসেৱকৰ ওপৰত দি তোমাক চাবলৈ লৰি আহিলোঁ।
আহি পায়েই শুনিলো—মহীধৰৰ ঘৈণীয়েকৰ টাইফয়েড।
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২১২
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০৪
আবিষ্কাৰ
