মাল। শুনা ভাল নে বেয়া ক'ব নোৱাৰোঁ, কিন্তু মই
শুনিছোঁ। আগেয়ে যদি সেই কথা জানিলোঁহেতেন।
মাধৱ। তেতিয়া কি হ'লহেতেন।
মাল। বিয়া হ'ব নোৱাৰিলেহেতেন।
মাধৱ। কিয়? তোমাৰ জানো এই বিয়াত মত
নাছিল?
মাল। কেতিয়াও নাছিল। যজ্ঞৰ পশু বলিশালৰ
ওচৰলৈ যোৱা দি হে মই হোমৰ ওচৰলৈ গৈছিলোঁ।
মাধব। তুমি তেন্তে আপত্তি নকৰিলা কিয়?
মাল। আপত্তি বহুত কৰিছিলোঁ। যদিও আপত্তিৰ
আচল কাৰণটো দেউতাক ভাঙি ক'ব পৰা নাছিলোঁ।
মাধৱ। পিচত সম্মতি দিলা কিয়?
মাল। দেউতাই এনেকৈ বুজাবলৈ ধৰিলে যে মই সম্মতি
নিদিলে তেওঁ লাজত পৰিব আৰু মৰ্ম্মান্তিক দুখ পাব।
তথাপিও সম্মত হোৱা নাছিলো; ভাবিছিলোঁ মোৰ মনৰ
কথা সকলো কৈ আপোনাৰ পৰা পৰামৰ্শ ল'ম, কিন্তু সাহ
নহ'ল। এনেতে সেই দিনা বিয়াৰ সম্পৰ্কে আলোচনাত
আপুনিও যেতিয়া দেউতাক সমৰ্থন কৰা শুনিলোঁ, তেতিয়া
মোৰ সকলো আশাত জলাঞ্জলি দিবলৈ বাধ্য হলোঁ। তেতিয়া
মোৰ দৃঢ় বিশ্বাস জন্মিল যে, আপুনি ইমান দিন মোক সৰু
ভনীৰ দৰে যেনেকৈ মৰম কৰি আহিছে আগলৈকো তাকেইহে
কৰিব, আপোনাৰ লগত মোৰ বিয়া হোৱাৰ সমূলি আশা
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২১১
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০৩
ভুল সংশোধন