পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

ত্ৰিংশ অধ্যায়।

—ভুল সংশোধন–

 মাধৱে একে জাঁপেই গৈ মালবিকাক ধৰি তুলিলে আৰু দাঙি লৈ গৈ পাটীত শুৱাই শুশ্ৰূষা কৰিবলৈ লাগিল। মহেশ্বৰেও সাহায্য কৰিলে।
 অলপ বেলি শুশ্ৰূষা কৰাৰ পিচত মালবিকা সুস্থ হ'ল। মহেশ্বৰ অলপ সময় থাকি ওলাই আহিল। মাধৱে মালবিকাক সুধিলে,-“কেনে পাইছা?”
.  মালবিকা। ভাল পাইছোঁ।
 মাধৱ। হঠাৎ তোমাৰ এনে হ’ল কিয়?
 মাল। ক'ব নোৱাৰোঁ।
 মাধৱ। মোক দেখিয়েই তোমাৰ এনে হোৱা নাই জানো?
 মাল। 'হ'ব পাৰে।
 মাধৱে আৰু কি সুধিব, কি নুসুধিব একো স্থিৰ কৰিব নোৱাৰিলে; মৌন হৈ একেৰাহে চাই থাকিল মাথোন। মাধৱক নিমাত দেখি মালবিকাই সুধিলে,-“আপুনি নিৰুদ্দেশ হৈছিল কিয়?”
 মাধৱ। তুমি নুশুনাই ভাল।