পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০১
হিচাপৰ ভুল


দি মালবিকাই অশান্তি ভোগ কৰিব, কিন্তু এতিয়া চোৱাঁগৈ তোমাৰ লগত বিয়া নোহোৱাতো তাই তোমাৰ ব্ৰতকেই পালন কৰিছে।
 এনেতে দুকাপ চাহ লৈ মালবিকা সোমাই আহিল। মাল- বিকাৰ মুখ শুকান, চকু সোমোৱা, খোজ ধীৰ, গম্ভীৰ। মহী- ধৰৰ ঘৰত ছয়া-ময়াকৈ দেখিছিল যদিও মালবিকাৰ এনে পৰিবৰ্ত্তন লক্ষ্য কৰিবলৈ মাধৱৰ সুযোগ মিলা নাছিল। এতিয়া তেওঁৰ চেহেৰা দেখি মাধৱৰ সকলো সংযম লোপ পালে। হঠাৎ থিয় হৈ চিঞৰি উঠিল,—“মালবিকা! মালবিকা। তুমিয়েই নে সেই মালবিকা!”
 মাধৱ কঁপিবলৈ ধৰিলে। মাধৱক দেখি আৰু তেওঁৰ কথা শুনি মালবিকাৰো কঁপনি উঠিল, হাতৰ কাপ সৰি পৰিল, পিচ মুহুৰ্ত্ততে তেওঁ অচেতন হৈ মাটিত বাগৰি পৰিল।