পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০০
আবিষ্কাৰ


মালবিকাক বিয়া কৰাব খুজিলে আপুনি সম্মতি দিব, তথাপি মই তেওঁক সুখী কৰিব নোৱাৰিম বুলিয়েই তেনে প্ৰস্তাব কৰা নাছিলোঁ। আন কি, আপুনি নিজে প্ৰস্তাব কৰা হ'লেও মই তাক গ্ৰহণ কৰিবলৈ সঙ্কোচ বোধ কৰিলোঁহেতেন। সেই কাৰণেই ইমান দিন একেলগে থাকিও, মোক জ্যেষ্ঠ ভ্ৰাতাৰ বাহিৰে আন প্ৰকাৰে ভাবিবলৈ মালবিকাক কেতিয়াও সুযোগ দিয়া নাছিলোঁ। যেতিয়া দামোদৰ লগত বিবাহ স্থিৰ হয়, তেতিয়া মালবিকা সুখত থাকিব পাৰিব বুলিয়েই মই দুখতো আনন্দ কৰিছিলোঁ।
 মহেশ্বৰ। বোপা, তোমাৰ এইটো এটা ডাঙৰ ভুল। মালবিকাই এই বিয়াত সম্মতি দিয়া নাছিল। কিন্তু বিয়া নিদি গোটই জীৱন ঘৰতে ৰখা জানো সম্ভব। সেই কাৰণে মই নানা প্ৰকাৰে বৰাই বুজাই তাইক সম্মত কৰাইছিলোঁ। মই যদি তাইৰ মততে ভিৰ দিলোঁহেতেন তেনেহলে এই এটা নতুন অশান্তি চপাই ল'ব নালাগিলহেতেন।
 মাধৱ। ময়ো যদি এই বিবাহত মালবিকাৰ মত নাই বুলি বুজিলোঁহেতেন, তেনেহলে সাহায্য নকৰি প্ৰতিবন্ধক হে জন্মালোঁহেতেন।
 মহেশ্বৰ। বোপা, এতিয়া আৰু সেইবোৰ ভাবি লাভ নাই। আমাৰ সকলোৰে ভুলতেই এই অনৰ্থ ঘটিল। বোধ কৰোঁ সি প্ৰাক্তন। আটাইতকৈ ভাঙৰ ভুল হ’ল তোমাৰ। তুমি ভাবিছিলা তোমাৰ লগত বিয়া হ'লে তোমাৰ ব্ৰতত যোগ