ঊনত্ৰিংশ অধ্যায়।
-হিচাপৰ ভুল-
মাধৱ ঘূৰি অহাৰ কথা ততালিকে নগৰত জনাজাত হ'ল।
বহুতে দেখা কৰিলেহি আৰু ইমান দিন ক'ত কেনেকৈ আছিল
সেই বিষয়ে প্ৰশ্ন কৰিলে। মাধৱে চমুকৈ ক'লে যে গাড়ো-
পাহাৰত সংক্ৰামকভাবে কলাজ্বৰ হৈ বহুতো মানুহ মৰিছিল।
যদিও চৰকাৰী ডাক্তৰ গৈ চিকিৎসা আৰম্ভ কৰিছিল, তথাপি
শুশ্ৰূষাকাৰীৰ নিতান্ত অভাব আছিল। তেওঁ তালৈ গৈ এটা
স্বেচ্ছাসেৱকবাহিনী গঠন কৰি ৰোগী শুশ্ৰূষা কৰিছিল। এতিয়া
ৰোগে শাম কটাত ঘুৰি আহিছে।
মাধৱ অহা শুনিয়েই মহেশ্বৰে তেওঁক দুপৰীয়া খাবলৈ
মাতিলে। মাধৱেও নিমন্ত্ৰণ ৰক্ষা কৰিলে। আহাৰৰ পাচত
মাধৱ চ’ৰা ঘৰতে বহিল। মহেশ্বৰে এতিয়ালৈকে মাধৱক
একোকে সোধা নাছিল। এতিয়া ওচৰতে বহি কথা পাতিবলৈ
আৰম্ভ কৰিলে।
মহেশ্বৰ। তুমি হঠাৎ নিৰুদ্দেশ হৈছিলা কিয়?
মাধৱ। মোৰ যোৱাৰ প্ৰয়োজন হৈছিল। আপুনি বোধ
কৰোঁ জানে সেই সময়ত গাড়োপাহাৰত ব্যাপকভাবে ক’লাজ্বৰ
হৈছিল।