পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯৫
প্ৰত্যাগমন


 মহীধৰ। মই এইবোৰ বিষয়ে একেবাৰেই একো নাজানো। এনে নৰিয়া আগে-পিচে দেখাই নাই। তাতে আপুনিও নাছিল। মই কি কৰিম, ক'লৈ যাম ভাবি অস্থিৰ হৈছিলোঁ। এনেতে ভগৱন্তই চকু মেলি চালে, মালবিকা আইদেৱে দয়া কৰি নিজে শুশ্ৰূষাৰ ভাৰ ল'লে। ইমান দিন খাৱন-শোৱন এৰি তেওঁ শুশ্ৰূষা কৰাৰ ফলত হে আজি এই অৱস্থালৈ আহিছে। পিচে আপূনি কেতিয়া আহিল?
 মাধৱ। এই এতিয়াই। ৰেলৰ পৰা নামি দোকান পায়েই মথুৰাৰ পৰা আপোনাৰ এই বিপদৰ কথা শুনিলোঁ। শুনিয়েই ঘৰলৈ নোযোৱাকৈয়ে বাজে বাজে খবৰটো ল'বলৈ বুলি আহিলো। পিচে এতিয়া যি দেখিলোঁ সিমান চিন্তাৰ কাৰণ নাই, সেই কাৰণে মই এতিয়া যাওঁ, আবেলিলৈ আকৌ আহিম।
 মহী। আপুনি ইমান দিন ক'ত আছিল।
 মাধৱ। গাৰোপাহাৰত। এতিয়া বেচি কথা নাপাতোঁ। জিৰাই-শঁতাই আবেলিকৈ আহিম। তেতিয়া যি সোধে সুধিব।
 এই দৰে কৈয়েই মাধৱ মহীধৰৰ ঘৰৰ পৰা বাহিৰ ওলাল।