পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯৪
আবিষ্কাৰ


ডিগ্ৰীৰ ওপৰলৈ উঠা নাই, আৰু ইফালে ৯৯ ডিগ্ৰীৰ তললৈকো নামে। ডাক্তৰৰ মতে আৰু এসপ্তাহৰ ভিতৰত সম্পূৰ্ণ আৰোগ্য হ'ব। ইয়াৰ ভিতৰতে মহীধৰেও কিছু আলপৈচান ধৰিবলৈ শিকিছে, সেই কাৰণে মালবিকাৰ খাটনিও কিছু পৰিমাণে কমিছে। কিন্তু পথ্য প্ৰস্তুত কৰা আৰু খুওৱাৰ ভাৰ এতিয়াও সম্পূৰ্ণৰূপে মালবিকাৰ গাতে।
 ৰোগ আৰম্ভ হোৱাৰ পৰা সোতৰ দিনৰ দিনা প্ৰায় চাৰে ন মান বজাত মালবিকাই ৰোগিণীক বাৰ্লি খুৱাই হাতত বাটিটো লৈ ৰোগিণীৰ মুখখন মচি দিছে, এনেতে বাহিৰত কোনোবাই মহীধৰৰ লগত কথা পতা শুনিলে। হঠাৎ মালবিকাৰ বুকুখন চিৰিং কৰে উঠিল। ই যে মাধৱৰ মাত! কিন্তু —কিন্তু আজি চাৰি মাহ হ'ল, মাধৱ তো ইয়াত নাই! তেন্তে—
 কথালৈ কাণ দিয়াৰ লগে লগে মালবিকাই দুৱাৰ মুখৰ ফাললৈ চাই থাকিল। এনেতে মহীধৰৰে সৈতে মাধৱক সোমাই অহা দেখিলে। তেওঁৰ অন্তৰত কিবা এক ভাবৰ ধুমুহা উঠিল। থৰক-বৰক খোজেৰে ততালিকে তেওঁ খোটালীটোৰ পৰা বাহিৰলৈ ওলাই গ'ল।
 মাধৱেও বিজুলী চমকনিৰ দৰে মালবিকাক ওলাই যোৱা দেখা পালে। তেওঁ অলপ সময় থৰ হৈ থাকিল। তাৰ পিচত নৰিয়াৰ উত্তাপ সম্পৰ্কীয় টোকাৰ কাগজখন ভালকৈ চাই ক'লে,-“আৰু ভয় নাই। সোনকালেই ভাল হোৱাৰ আশা।”