লোকে এনেভাবে বেমাৰীক পেলাই থোৱা অতি অযুগুত
হৈছে। শুশ্ৰূষাৰ ভাল ব্যৱস্থা নহলে কথা বিষম হ'ব।”
মহীধৰে ক'লে,-“কি কৰিম! বেমাৰীৰ গাত লাগি
নাথাকিলেও নহয়, ঔষধ-পাতি নানিলেও নহয়। ডাক্তৰলৈ
বাট চাওঁতেই ইমান পলম হল।”
মালবিকা। শুশ্ৰুষাৰ অভাবত বেমাৰী মৰিব লগা হ'লে
ঔষধেৰে কি কৰিব?
মহীধৰে কান্দোঁ কান্দোঁ হৈ ক'লে,-“সহায়-সাৰথি
নাহোৱা মানুহ, অকলৈ কি কৰিম। তাতে মই নিজেও
শুশ্ৰূষাৰ একো আও আও নাপাওঁ। হায়! যদি আজি
মাধৱ থাকিলহেতেন!”
অলপ পৰ ভাবি মালবিকাই ক'লে,-“বাৰু এওঁৰ শুশ্ৰূষাৰ
ভাৰ মই ললোঁ। খোৱা-শোৱা আদিৰ নিমিত্তে সময়মতে
মোক আজৰাই দিব; আৰু মোৰ অনুপস্থিতিত মোৰ দিহামতে
আপুনি সকলো কাম কৰিব।”
মহীধৰে যেন তৎ পালে; হাত-যোৰ কৰি ক'লে,-
“আপোনাৰ এই দয়াৰ বাবে মই চিৰকাল আপোনাৰ ওচৰত
ধৰুৱা হৈ থাকিম। যেনে তেনে মোক এই বিপদৰ পৰা
উদ্ধাৰ কৰক।”
সেই দিনাৰ পৰাই মালবিকাই ৰোগিণীৰ শুশ্ৰূষা কৰিছে।
আজি দুসপ্তাহ পাৰ হ'ল। এতিয়াও নৰিয়া ভাল হোৱা নাই,
কিন্তু ভাল হোৱাৰ আশা দেখা গৈছে। এতিয়া উত্তাপ ১০১
১৩
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২০১
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯৩
প্ৰত্যাগমন
