সমললৈ যাওক

পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯২
আবিষ্কাৰ


গামোচা তিয়াই চেপি লৈ গাটো মচি দিব, হাত-ভৰি ধুৱাই দিব। তিনি-চাৰি ঘণ্টাৰ আঁতৰে আঁতৰে টেম্পাৰেচাৰ লৈ লিখি ৰাখিব।”
 মহীধৰে কেতিয়াও এনে ৰোগীৰ শুশ্ৰূষা কৰি পোৱা নাই, মাকে তো একোকেই নাজানে। ইফালে লৰা-ছোৱালীহালো মাকৰ টেটুতে লাগিল। তেওঁ অফিচৰ পৰা ছুটী ল'লে, কিন্তু ডাক্তৰৰ ওচৰলৈ যোৱা, ঔষধ অনা, বজাৰ কৰা আদি কাম কৰি নিয়মমতে নৰিয়াৰ তালাপি কৰাত লাগিব নোৱাৰে। ওচৰৰ কোনোবা তিৰুতা আহিলেও কথা-বতৰা পাতি আমনি কৰিয়েই কৰ্ত্তব্য শেষ কৰে; মতা মানুহে বাহিৰৰে পৰা কেনে আছে খবৰটো লৈ যায়।
 চাৰিদিনৰ দিনা কথাটো মালবিকাৰ কাণত পৰিল। তেওঁ এবাৰ ৰোগিণীক চাবলৈ আহিল। দেখিলে মহীধৰ ঘৰত নাই, মাক নৰিয়া পাটীৰ ওচৰতে বহি আছে আৰু ৰোগিণীয়ে ছট ফট কৰিছে। মালবিকাই তেতিয়া উত্তাপ জুখি দেখিলে। প্ৰায় ১০৫ ডিগ্ৰী। ততালিকে তেওঁ পানী আনি একেৰাহে মূৰত ঢালিবলৈ ধৰিলে। এঘণ্টামান এনেকৈ ঢলাত উত্তাপ ১০৪ ডিগ্ৰীলৈ নামিল | শুশ্ৰূষা একে নিয়মে চলি থাকিল, মাজে সময়ে গ্লক’জ, হলিকচ্, ৰোগিণীৰ মুখত অলপ অলপকৈ দিয়া হ'ল। তিনি-চাৰি ঘণ্টামানৰ পাচত ৰোগিণীৰ শৰীৰৰ উত্তাপ ১০২ লৈ নামিল। এনেতে মহীধৰ আহি ঘৰ সোমাল। মালবিকাই ৰোগিণীৰ অৱস্থাৰ বিবৰণ দি ক'লে,-“আপোনা-