পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

অষ্টাবিংশ অধ্যায়।

—প্ৰত্যাগমন-

 মহেশ্বৰৰ ঘৰৰ পৰা এক ফাৰ্লংমান আঁতৰতে মহীধৰ শইকীয়াৰ ঘৰ। ঘৰত তেওঁৰ মাক, ঘৈণীয়েক আৰু দুটা সৰু লৰা-ছোৱালী। ছোৱালীজনীৰ বয়স চাৰি বছৰ আৰু লৰাটোৰ দুবছৰ। মহীধৰে চল্লিশ টকা দৰমহাত লোকেল বোৰ্ড অফিচত কেৰাণী কাম কৰে আৰু হাতৰ মুঠি টানি ধৰি যেনে তেনে ঘৰখন চলাই একপ্ৰকাৰ শান্তিৰেই দিন কটাইছে।
 দুসপ্তাহমানৰ আগতে তেওঁৰ গৃহিণীৰ জ্বৰ হয়, ডাক্তৰে টাইফয়েড বুলি সাব্যস্ত কৰে। মহীধৰ বিপাঙত পৰিল। ডাক্তৰে ক'লে,-“এই ৰোগ কেতিয়া ভাল হ’ব কোনেও ক'ব নোৱাৰে। ইয়াৰ ভোগ উকলিলেহে ভাল হয়। যাতে ইয়াৰ লগৰীয়া আন উপসৰ্গ কিছুমানে ইয়াক দুৰাৰোগ্য কৰি নোতোলে তাৰ বাবেইহে আমাৰ ঔষধৰ ব্যৱস্থা। ইয়াৰ আচল চিকিৎসা হৈছে শুশ্ৰূষাত। ৰোগিণীক কোনো প্ৰকাৰ গোটা বস্তু খাবলৈ দিব নালাগে; হলিকচ, গ্লুক’জ, বাৰ্লি, ডাবৰ পানী আদিয়েই ইয়াৰ পথ্য। উত্তাপ বাঢ়িলে অনবৰত মূৰত পানী দিব আৰু বিচিব। দুপৰীয়া সময়ত গৰম পানীত