এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯০
আবিষ্কাৰ
সেৱা-শুশ্ৰূষা কৰে। দীৰ্ঘকাল দামোদৰক শুশ্ৰূষা কৰি এই
কামত তেওঁৰ ৰাপ বহিছিল, আৰু ৰোগী ভাল নোহোৱালৈকে
ক্লান্তিবোধ নকৰিছিল। বিবাহৰ ফলত ইমানখিনিয়েই তেওঁৰ
লাভ। তেওঁ নিজৰ সুখ-দুখৰ বিষয়ে কাৰো লগত কোনো
কথা নাপাতে; মাজে মাজে একোটা দীঘল হুমনিয়াহে মাথোন
তেওঁৰ মনৰ বেদনা বাহিৰত প্ৰকাশ কৰে।
⸺