পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৯
 


দলে ক'লে,-“ওভতগোৰে নাচিলে ধৰ্ম্মই নসহে। তেজৰ বলত, ধনৰ গপত ধৰ্ম্ম আৰু সমাজৰ বিৰুদ্ধে চলিবলৈ যোৱাৰ ফল হাতে হাতে পালে।”
 মৃত্যুৰ পূৰ্ব্বতে দামোদৰে এখন উইল কৰে। তাত তেওঁৰ স্থাৱৰ অস্থাৱৰ সকলো সম্পত্তি মালবিকা অৰুি ভাগিনীয়েকক ভাগ কৰি দি যায়।
 দামোদৰৰ মৃত্যুৰ পিচত মালবিকা পূৰ্ব্বৰ দৰে পিতাকৰ ঘৰতে থাকিল। অকল হোম আৰু মন্ত্ৰতে তেওঁৰ বিবাহৰ অন্ত পৰিল। যিজন অচিনাকী মানুহৰ লগত বিবাহ মন্ত্ৰেৰে জড়িত হ’ল,তেওঁ অচিনাকী ভাবেই বিদায় ললে, মাত্ৰ মালবিকাৰ জীৱনত এটা পৰিৱৰ্ত্তন ঘটাই গ'ল। এতিয়া মালবিকাৰ মুখত প্ৰফুল্লতা নাই, আলাপ-প্ৰলাপত ৰসিকতা নাই, চলন-ফিৰণত ক্ষিপ্ৰতা নাই। ই যেন এটা দুঃস্বপ্নৰ পিচৰ অৱসাদ। জীয়েকৰ এই ব্যথাভৰা মুখ দেখি মহেশ্বৰৰ আমঠু ক'লা পৰি যায়; নিজকে ধিক্কাৰ দিয়ে কিয় তেওঁ জীয়েকৰ অনিচ্ছাতো বিয়াখন পাতি এই হাঁহি থকা ফুল পাহি অকালতে জঁয় পেলালে বুলি।
 তথাপিও দিন যাবলৈ ধৰিলে। মালবিকাই বাহিৰৰ আমোদ-উৎসৱ সকলোলৈকে পিঠি দি নিৰ্জ্জনত কাম কৰি সময় কটাবলৈ ধৰিলে। ঘৰৰ সকলো কাম-বন তেওঁ নিজ হাতে কৰে; চুবুৰীয়াৰ ঘৰত কিবা প্ৰয়োজন হলে সাহায্য কৰে আৰু জ্বৰ-নৰিয়া আদি হ'লে শিক্ষিতা ধাইৰ দৰে অবিৰাম