পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৮
আবিষ্কাৰ


নাইবা আনেও এইবোৰ ঘটনাৰ একো উমঘামকে পোৱা নাছিল।
 বিয়াৰ কেইদিনমান আগৰে পৰা অনিয়মিতভাবে চলিব লগা হোৱাত আৰু বিয়াৰ দিনা আৰু পিচতে অনিদ্ৰাৰ হেঁচা পৰাত তেওঁৰ লুকাই থকা ৰোগে পুনৰ দেখা দিলে, বিয়া কৰাই। সস্ত্ৰীক ঘৰ পাবৰ দিনাই হোলোকা হোলোকে তেজ বঁতিয়াবলৈ ধৰিলে, শৰীৰৰ উত্তাপো ক্ৰমশঃ বেচি হৈ আহিল।
 ততালিকে ডাক্তৰ অনা হ'ল। ডাক্তৰে কিবা ঔষধ আৰু ইনজেকশ্য়ন দি তেওঁক ততালিকে কলিকতালৈ যাবলৈ উপদেশ দিলে।
 পিচদিনাই দামোদৰে কলিকতালৈ যাত্ৰা কৰিলে; লগত গ'ল মালবিকা আৰু দেৱেশ্বৰ। আগৰ ডাক্তৰৰ হতুৱায়েই চিকিৎসা কৰালে, কিন্তু এইবাৰ কোনো ফল নধৰিলে। কলিকতাৰ পৰা গ'ল পুৰীলৈ। তাত এমাহমান সাগৰৰ দাঁতিত ঘৰ এটা ভাড়া কৰি থাকিল; চিকিৎসাও চলিয়েই থাকিল। কিন্তু ৰোগে শাম কাটক ছাৰি ক্ৰমশঃ বাঢ়িবলৈহে ধৰিলে।
 মালবিকাই সকলো সময়তে নিৰ্ব্বিকাৰভাবে ৰোগীৰ শুশ্ৰূষা কৰি গৈছে। তেওঁৰ যেন আশা-নিৰাশা একো নাই, মাত্ৰ এটি যন্ত্ৰৰ দৰে অহৰহ কামত লাগি আছে।
 শেষ অৱস্থাত তেওঁলোক শ্বিলঙলৈ আহিল। তাতেই দামোদৰে চিৰবিশ্ৰাম ল’লে। বন্ধুসকল দুখিত হ’ল; বিপক্ষ