পত্নীৰ মৃত্যুৰ পাচত দামোদৰ ঘৰলৈ আহিল আৰু শ্ৰাদ্ধাদি
কাৰ্য্য় সম্পন্ন কৰিলে। কিন্তু তেওঁৰ মনলৈ প্ৰফুল্লতা ঘূৰি
নাহিল, লাহে লাহে জ্বৰ, কাহ আদি উপসৰ্গই মনত দাৰুণ
আশঙ্কা জন্মালে। তেওঁ তেতিয়া কাকো একো নকৈ হঠাতে
এদিন কলিকতালৈ যাত্ৰা কৰিলে আৰু আগৰ চিকিৎসকৰ
হতুৱায়ে নিজৰ স্বাস্থ্য পৰীক্ষা কৰালে। ডাক্তৰে তেওঁৰ
শৰীৰতো যক্ষ্মাৰ আক্ৰমণ ধৰা পেলালে। সেই কাৰণে তেওঁ
ঘৰলৈ উলটি নাহি তাতে ঘৰ ভাড়া কৰি থাকিল আৰু ভাল
মতে চিকিৎসা কৰাবলৈ ধৰিলে। ছমাহমান চিকিৎসাধীন
থকাৰ পাচত ডাক্তৰে ক'লে,-“আৰু ভয়ৰ কোনো কাৰণ
নাই; এতিয়া আপুনি সম্পূৰ্ণ নিৰাপদ। কিন্তু এবছৰলৈ
অতি সাৱধানে থাকিব লাগিব। অধিক পৰিশ্ৰম, ৰাত্ৰি-
জাগৰণ, অনিয়মিত আহাৰ-বিহাৰ, প্ৰবল উত্তেজনা আদিৰ
পৰা সততে আঁতৰি থাকিব। যদিও ভয়ৰ কোনো কাৰণ
নাই, তথাপি অসাৱধান নোহোৱাই ভাল। কেনেবাকৈ
দুৱচিবৰ হ'লে সাংঘাতিক হ’ব!”
ডাক্তাৰৰ উপদেশ মতে তেওঁ তাৰ পাচতে পুৰী, গিৰিডি
আদি ঠাইত ফুৰি আৰু মাজে মাজে কলিকতালৈ আহি আৰু
ছমাহমান কটালে। তেওঁৰ স্বাস্থ্যৰ ক্ৰমোন্নতি স্পষ্ট হৈ
আহিল।
এতিয়া দামোদৰৰ মনৰ পৰা ৰোগৰ ভয় সম্পূৰ্ণ আঁতৰিল।
সেইহে তেওঁ মহেশ্বৰৰ প্ৰস্তাৱত সম্মতি দিলে। মহেশ্বৰ
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৯৫
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৭
মন্ত্ৰৰ বন্ধন