পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

ষড়বিংশ অধ্যায়।

-নিৰুদ্দেশ–

 আজি মালবিকাৰ বিয়া। খোৱা-লোৱা, আমোদ- প্ৰমোদত গোটেই বিয়া-ঘৰ তোলপাৰ। অৱশ্যে নৈষ্ঠিকদলৰ বেচি ভাগে এই বিয়াত যোগ দিয়া নাই। দৰাপক্ষীয়সকল এসপ্তাহৰ আগতে আহি গুৱাহাটীত আছিল; থকা, খোৱা আদিৰ ব্যৱস্থা মহেশ্বৰে নিজৰ খৰচতে কৰি ৰাখিছিল।
 দৰাৰ লগত তেওঁৰ সমনীয়া বন্ধু জনচেৰেকৰ বাহিৰে কোনো বয়সিয়াল লোক অহা নাছিল। তেওঁৰ একমাত্ৰ বায়েক আৰু ভিনীহিয়েকো অৱশ্যে বৰযাত্ৰী হৈ আহিছিল। দামোদৰৰ পিতৃ-মাতৃৰ আগতে পৰলোক হৈছিল আৰু বায়েকৰ বাহিৰে আন কোনো ভায়েক-ভনীয়েকো নাছিল। যিবা দুজন বেলেগতীয়া দদায়েক আছিল, তেওঁলোকে দামোদৰৰ বিয়াত যোগ দিয়াতকৈ তেওঁক মৰিবলৈহে শাও দিছিল। মুঠতে ঘৰৰ পৰা অহা বৰযাত্ৰীৰ সংখ্যা কুৰি জনৰ ওপৰ নহয়। গুৱাহাটীত অৱশ্যে তেওঁৰ বন্ধু-বান্ধৱ আৰু আন শিক্ষিত মানুহ বহুতৰ সমাগম হৈছিল আৰু তেওঁলোকেই বিয়াৰ দিনা বৰযাত্ৰীৰ সংখ্যা ভালেমান বঢ়াইছিল।
 বিয়াৰ বন্দবস্ত হোৱাৰ পাচত মাধৱৰ লগত মালবিকাৰ আগৰ দৰে দেখা-সাক্ষাৎ হোৱা নাই। মাধৱে যেন মালবিকাৰ