পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৭
শেষ সাহায্য়


আৰু সেই কাৰণেই তাৰ কোনো খবৰে লোৱা নাই। সেই দেখি আজি এই চিঠিৰ দ্বাৰা আপোনাক প্ৰকৃত ঘটনাৰ আভাস দিলোঁ। যদি মোৰ কথাত আপোনাৰ সম্পূৰ্ণ বিশ্বাস নজন্মে, তেন্তে জানিবলৈ দিলে মোৰ প্ৰত্যেকটো কথা প্ৰমাণ দিব পাৰিম। আশা কৰোঁ আপুনি এজনী চৰিত্ৰহীনা মাইকীৰ সম্মান ৰক্ষাৰ কথা ভাবি শ শ জনৰ ৰক্ষাৰ কথা ভালকৈ ভাবি চাব। ইতি।”
 চিঠিখন পঢ়ি মাধৱে অন্তৰত এটা দাৰুণ আঘাত পালে; কিছু সময় চিন্তাষিত মনেৰে থৰ লাগি থাকি পত্ৰলেখকলৈ উত্তৰ দিলে :—
 “আপোনাৰ চিঠি পাই মোৰ ধন্যবাদ জানালোঁ, কিন্তু প্ৰতিমাৰ সম্পৰ্কে ভিতৰুৱা কথা প্ৰকাশ কৰিবলৈ সম্প্ৰতি মই অপাৰগ। সেই বাবে মই দুঃখিত। ক্ষমা কৰিব বুলি আশা কৰিলোঁ। ইতি।”
 চিঠিৰ কথাত যে সত্যতা আছে তাত যদিও মাধৱৰ সন্দেহ নাছিল, তথাপি কিমানখিনিলৈকে সঁচা তাক তেওঁ ঠাৱৰাব নোৱাৰিলে। অসত্য হোৱা হ'লেই তেওঁ ভাল পালেহেতেন। নহলে প্ৰতিমাৰ নিমিত্তে তেওঁৰ ইমান স্বাৰ্থত্যাগ অথলে গ’ল নে কি?
 এই চিন্তা মাধৱৰ লগৰীয়া হৈ পৰিল। দিনটোৰ ভিতৰত সেই চিঠিৰ আৰু প্ৰতিমাৰ কথা তেওঁ এবাৰ নহয় এবাৰ নভবাকৈ থাকিব নোেৱৰা হ'ল। এনেকৈয়ে গ’ল তিন দিন।
 ১২