পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৬
আবিষ্কাৰ


 প্ৰথমতে যেতিয়া তেওঁ ইয়ালৈ আহিছিল, তেওঁৰ কাৰ্য্য়- 'তৎপৰতা দেখি সকলো মুগ্ধ হৈছিল আৰু সকলোৱে একমুখে প্ৰশংসা কৰিছিল। তেওঁৰ যে চৰিত্ৰ-দোষ আছিল প্ৰথমতে কোনেও ভাবিব’ই নোৱাৰিছিল, কিন্তু অলপ দিনৰ পিচতে সি সকলোৰে চকুত পৰা হল আৰু লগে লগে এদলে তেওঁক পেটে পেটে ঘৃণা কৰিবলৈ ধৰিলে। তথাপি যেতিয়ালৈকে কংগ্ৰেচৰ কামত মূৰ পুতি লাগি আছিল তেতিয়ালৈকে বাহিৰত সেইবোৰ কথা বেছিকৈ প্ৰকাশ হোৱা নাছিল। কিন্তু কংগ্ৰেচৰ আন্দোলন কমি অহাৰ লগে লগে তেওঁৰ ৰূপ-যৌৱনৰ আন্দোলনটো প্ৰবল হৈ ভীষণৰূপ ধাৰণ কৰিলে। বহুতো মানুহে তেওঁৰ ওচৰত ধৰা দি ধনে-প্ৰাণে মৰা পৰিল; তেওঁৰ নিমিত্তেই বহুতৰ মাজত খণ্ড যুদ্ধও হৈ গ'ল। এই বোৰৰ বিস্তৃত বিবৰণ দিব লাগিলে এখন পুথি লিখিব লাগিব। সেই কাৰণে বাহুল্যলৈ নগৈ অতি চমুকৈ কওঁ যে এনে ব্যাভিচাৰৰ ফলত তেওঁ কেইবাবাৰো ভ্ৰুণহত্যা কৰিব লগাত পৰিছে। বৰ্ত্ত মান তেওঁ আকৌ তেনে সঙ্কটত পৰিছে, নানা চেষ্টা কৰিও পৰিত্ৰাণ পোৱা নাই। শুনা গৈছে অলপতে তেওঁ ইয়াৰ পৰা একেবাৰেই উঠি যাব, আৰু আপোনাৰ আশ্ৰয়ত আপোনাৰ ঘৰতে থিতাপি হৈ থাকিব। মই এই চিঠি লিখাৰ উদ্দেশ্য আপোনাক দেখুওৱা যে আপুনি এজন সংস্কাৰক হৈ এনে ব্যভিচাৰক প্ৰশ্ৰয় দি বহুতো মানুহৰ সৰ্ব্বনাশৰ পথ মুকলি কৰি দিয়া উচিত হোৱা নাই। হয়তো আপুনি এইবোৰ কথাৰ একো গম নাপায়