আবেলি দামোদৰ দেবেশ্বৰৰ ঘৰলৈ গ'ল। দেবেশ্বৰে
আদৰ-অভ্যৰ্থনা কৰি তেওঁক চাহ-জলপান খুৱালে। তাৰ
পাচত বহুত বেলি নানা বিষয় আলোচনা কৰি দেবেশ্বৰে
মালবিকাৰ লগত তেওঁৰ বিবাহ প্ৰস্তাব কৰিলে। দামোদৰে
তেতিয়াই কোনো মতামত নিদিলে, ভাবি চাবলৈ সময় ল’লে।
পিচ দিনা যেতিয়া দেবেশ্বৰে দামোদৰৰ সিদ্ধান্ত জানিব খুজিলে
দামোদৰে একে আষাৰেই সম্মতি জ্ঞাপন কৰিলে।
এজন উপযুক্ত অবিবাহিত যুৱকৰ হাতত মালবিকাক
অৰ্পণ কৰিবৰ সম্ভাবনা থকা হ'লে, মহেশ্বৰে বৰলা এজন
কেতিয়াও মনোনীত নকৰিলেহেতেন। কিন্তু যিবিলাক প্ৰাৰ্থী
পোৱা গৈছে, সেইসকলৰ ভিতৰত এৱেই সকলোতকৈ ভাল।
বিশেষকৈ সমাজৰ শাসনলৈ ভয় নকৰি তেওঁ যে মালবিকাক
বিয়া কৰাবলৈ সাহ কৰিছে এই নৈতিক বলৰ বাবেই মহেশ্বৰে।
তেওঁক উচ্চ আসন দিলে।
এই বন্দৱস্তত মালবিকাই প্ৰথমে আপত্তি কৰিছিল, কিন্তু
পিতাকৰ বিশেষ বুজনিত শেহত মৌন হৈ ৰ'ল।
মহেশ্বৰে মাধৱৰ আগতে সকলো কথা ভাঙি-পাতি ক'লে,
আৰু তেওঁৰ মতামত সুধিলে। মাধৱে ক'লে,-“মোৰ আন
মতামত একো নাই, মালবিকাৰ ভবিষ্যৎ যাতে শান্তিময়—
মধুময় হয়, এয়ে মোৰ কামনা।”
মহেশ্বৰ।—সেইটো কামনা তোমাৰো, মোৰা। ইমান
দিন ঘৰতে ৰাখিলোঁ, কিন্তু বিয়া দিব লাগিবই যেতিয়া আৰু
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৮১
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৩
বিয়াৰ বন্দবস্ত