পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭২
আবিষ্কাৰ


আগেয়ে ভাবিছিলোঁ বামুণৰ ঘৰত ওপজাটো সৌভাগ্য, কিন্তু এতিয়া দেখিছোঁ সি অভিশাপ হে।”
 দেৱেশ্বৰ।—কিয়?
 দামো।-আন বিষয়লৈ নগৈ এই বিয়াৰ কথাটোকে ভালকৈ গমি চালেই তাৰ সত্যতা ওলাই পৰিব। চাওক মই এজন শিক্ষিত মানুহ, গতিকে এজনী শিক্ষিতা ছোৱালী বিয়া কৰাবলৈ স্বাভাবিক আগ্ৰহ থাকিবই। মই যদি আন জাতৰ হলোঁহেতেন তেনেহলে তেনে শিক্ষিত ছোৱালী পোৱা টান নহ'লহেতেন। কিন্তু জন্মিলোঁ বামুণৰ ঘৰত, সেই বাবে মই যেনেকুৱাই হওঁ বা বয়স যিমানেই হওক বিয়া কৰাব লাগিব কোনো কামৰ আও-ভাও নুবুজা অশিক্ষিতা দহ-এঘাৰ বছৰীয়া পেন্দুকনা ছোৱালী এজনীক। ইয়াক অভিশাপ নুবুলি আৰু কি বুলিব পাৰি।
 দেবেশ্বৰ।-যদি তাক অভিশাপ বুলি ভাবিছে, তেন্তে সমাজক শাপমুক্ত কৰি নিজক ভাগ্যবানৰ শাৰীলৈ তুলিবৰ চেষ্টা নকৰে কিয়?
 দামো। কৰিম বুলি ভাবিছোঁ। যদি আকৌ বিয়া কৰাবই লাগে, তেন্তে এইবাৰ তেনে চেষ্টাৰ মাজে দিহে বিয়া কৰাম। তাৰ বাবে যদি সমাজে মোক বৰ্জ্জন কৰে তেন্তে ময়ো নতুনকৈ সমাজ গঢ়িবলৈ যত্ন কৰিম॥
 দামোদৰৰ কথাত দেবেশ্বৰে আনন্দ পালে আৰু তেওঁক সেই দিনা তেওঁলোকৰ ঘৰত চাহ খাবলৈ নিমন্ত্ৰণ কৰিলে।