এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ত্ৰয়োবিংশ অধ্যায়।
-সহধৰ্ম্মিণী—
পিচ দিনা চাহ খায়েই প্ৰতিমা ঘৰৰ পৰা ওলাল। দিনটো
নানা ঠাইত ঘূৰি, অকল দিনৰ সাজেই নহয় ৰাতিৰ সাজো
বাহিৰতে খাই দহমান বজাত মাধৱৰ ঘৰত শুবলৈ আহিল।
মাধৱে তেওঁক বিশেষ একো নুসুধিলে আৰু আগ দিনাৰ দৰেই
খাই-বৈ উঠি দোকানত শুবলৈ গ'ল। দ্বিতীয় দিনাৰ কাৰ্য্য়
প্ৰণালীও আগ দিনাৰ নিচিনাই।
তৃতীয় দিনা প্ৰতিমা যোৱাৰ কথা। সেই দিনা তেওঁ
কলৈকো নোলাল। মাধৱৰ লগত তেওঁৰ নিজা কামৰ বিষয়ে
দীঘলীয়াকৈ কথা পাতিয়েই বেচিখিনি সময় নিয়ালে। শেহত
ক'লে,-“পিচে, আপুনি জানো গোটেই জীৱন এনেকৈয়ে
কটাব?”
মাধৱ। তাৰ মানে?
প্ৰতিমা। তাৰ মানে সদায় অকলশৰীয়া হৈয়েই থাকিব
নে, কেতিয়াবা লগৰীয়াও বিচাৰিব?
মাধৱ। তুমি নো মোক অকলশৰীয়া দেখিলা কেতিয়া?
দিনটোত কত ৰুগীয়া, কত ভিকহু, কত শিক্ষিত অশিক্ষিত
লোক মোৰ লগৰীয়া হয়, তাৰ তুমি হিচাপ ৰাখিছা জানো?