পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পথ্য সংগ্ৰহ


বা অকল ভীমকল আৰু গাখীৰ খায়েই কটাইছে। ৰোগিণীৰ হাত ভৰি পিটিকি দিয়া, ধুওৱা-পখলোৱা, পথ্য প্ৰস্তুত কৰি খুওৱাকে আদি কৰি সকলো কাম তেওঁ নিজ হাতেই কৰিছে। কালিৰে পৰা ৰোগিণীৰ অৱস্থা ভাললৈ আহিছে। সেই কাৰণে তেওঁ আজি মাজে মাজে খবৰ কৰাৰ বাহিৰে বেমাৰীৰ গাতে একেৰাহে লাগি থকা নাই। আজি বাৰদিনৰ মূৰতহে তেওঁ এসাজ ভালকৈ খাইছে আৰু অলপ বিশ্ৰাম লবলৈকো সময় পাইছে।

 ৰোগিণীৰ নাম প্ৰতিমা। প্ৰতিমাই আজি নিজে ডালিম খাবলৈ বিচাৰিছিল; কিন্তু ডালিম যে পোৱা নাযায়! অনুসন্ধান কৰোঁতে এজনে ক'লে—“মই জনাত ৰায় চাহাব জগদানন্দ বৰকাকতীৰ বাৰীত এজোপা গছত দহোটামান। পৈনত ডালিম আছে; কিন্তু তাক পাবৰ উপায় নাই। মই বেমাৰীৰ নিমিত্তে বিচাৰি যোৱাত তেওঁ ক'লে—“কলিহে পেলাইছে, নি কি কৰিবা! মিছাকৈ নষ্ট কৰিব নোৱাৰোঁ, মোৰ ঘৰতো প্ৰয়োজন হ'ব পাৰে।”

 সংবাদটো পাই মাধৱে ঠিক কৰিলে—ডালিম যেনেকৈ হওক আনিবই লাগিব। বায় চাহাবে যে নেবেচে সেইটো থিৰাং, অথচ এনেয়েও দিয়াৰ আশা নাই। তথাপি এবাৰ চেষ্টা কৰি চাবৰ মনেৰেই তেওঁ ৰায় চাহাবৰ ওচৰলৈ গ'ল, কিন্তু কাৰো লগত সাক্ষাৎ নহ'ল। অগত্যা তেওঁ ওপৰত কোৱা দৰেই তাক সংগ্ৰহ কৰিলে।.