পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫৮
আবিষ্কাৰ


 মাধৱৰ মুখত অলপ বিৰক্তিৰ ভাবে দেখা দিলে। তেওঁ ক'লে,-“মই গম পোৱাৰ আগতে তুমি নিজে আলহী হলাই, এতিয়া সুবিধা-অসুবিধাৰ প্ৰশ্ন তোলা নিৰৰ্থক। পিচে অহা হ’ল কিমান পৰ?”
 প্ৰতিমাই হাত-ঘৰীটোলৈ চাই ক'লে,-“প্ৰায় দুঘণ্টা। গা-পা ধুই চাহ-জলপান খাই আপোনালৈ বাট চাই আছোঁ। নহলে গধূলিতে এবাৰ কংগ্ৰেচ অফিচলৈ যাবৰ কথা আছিল। পিচে আজি আৰু নাযাওঁ, পলম হ’ল, ভাগৰো লাগিছে; কালিলৈ পুৱাতে যাম। আপুনি নো গৈছিল কলৈ?”
 মাধৱ। মই এখন সভালৈ গৈছিলোঁ।
 প্ৰতিমা। কিহৰ সভা?
 মাধৱ। অনাচৰণীয়ক জলাচৰণীয় কৰাৰ সম্পৰ্কে।
 প্ৰতিমা। সভাখন বোধ কৰোঁ আপুনিয়েই আহ্বান কৰিছিল?
 মাধৱ। নাই কৰা মোৰ মতে এনে সভা-সমিতিত গ্ৰহণ কৰা প্ৰস্তাবৰ মূল্য বৰ বেচি নহয়। বহুত সময়ত সভা ভগাৰ লগে লগে তাৰ প্ৰেতকাৰ্য্য সমাধা হয়।
 প্ৰতিমা। তেনেহলে সভাখন নো কোনে পাতিছিল?
 মাধৱ। ব্ৰহ্মসমাজে।
 প্ৰতিমা। আও! ব্ৰহ্মসমাজ আজি-কালি ইমান উদাৰ হ’ল নে?
 মাধৱ। তেওঁলোকে নিজ ইচ্ছাত পতা নাছিল। আচল