এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
দ্বাবিংশ অধ্যায়।
-অনুন্নতৰ মনোবৃত্তি–
ওপৰত কোৱা ঘটনাৰ প্ৰায় এমাহৰ পিচৰ কথা। সেই
দিনা মাধৱ এখন সভালৈ গৈছিল। সভা আবেলি বহিছিল
আৰু প্ৰায় সন্ধ্যা লগাত হে ভাগিছিল। সভা ভগাৰ পাচত
অলপ সময় নৈৰ দাঁতিত ফুৰি মাধৱ ঘৰলৈ উলটিল। ঘৰ
পোৱাৰ লগে লগেই তেওঁৰ ঘৰৰ দুৱাৰমুখত বহি থকা
এগৰাকী মহিলা তেওঁৰ চকুত পৰিল। মাধৱ আচৰিত হ'ল।
তেওঁৰ ঘৰত মহিলা! ই আকৌ কি ৰহস্য! তেওঁ ভিতৰলৈ
সোমাই গ'ল; ওচৰ পাই দেখিলে মহিলাগৰাকী আন
কোনো নহয়, প্ৰতিমা। তেওঁ অলপ পৰ থৰ লাগি থাকি
ক'লে,-“তুমি! এনে ভাবে তুমি ওলালাহি ক'ৰ পৰা?”
প্ৰতিমা। ইয়াত অলপমান জৰুৰী কাম থকাত কোনো
বাতৰি নিদিয়াকৈ আহিব লগাত পৰিলোঁ। দুই-তিন দিনতে
কাম শেষ হ’ব। এই কেইদিন আপোনাৰ ঘৰতে আলহী
থাকিম বুলি ভাবিছোঁ। আন ঠাইতে থাকিব পাৰিলোঁহেতেন,
কিন্তু যতে-ত’তে থাকিবলৈ ভাল নালাগে। আশা কৰোঁ
আপোনাৰ একো অসুবিধা নহয়।