সভা ভঙ্গ হ’ল। মাধৱ আৰু হাবিৰামৰ লগে লগে
ৰাইজো বহুত দূৰৈলৈকে আগ বঢ়াবলৈ আহিল। কিছুমান
একেবাৰেই তেওঁলোকক মটৰত তুলি থৈ হে ঘূৰিল।
আহোঁতে বাটত মাধৱে হাবিৰামক ক'লে,-“ঘৰটো সাজি
স্কুলখন ঠিক লাগোৱা হ'লেই এটা নামঘৰ সাজিবলৈ যো-জা
কৰিব। তাত নিয়মমতে নাম-কীৰ্ত্তন হ’ব লাগিব। পাৰিলে
গায়ন-বায়ন আনি নাচ আৰু ভাওনাৰো শিক্ষা দিব পাৰিলে
ভাল। সামাজিক সংস্কাৰলৈকো চকু দিব লাগে, কিন্তু সেই
বিষয়ে কঠোৰতা বৰ্জ্জন কৰিব। যেনে সিহঁতে কুকুৰা পুহি
দুপইচা উপাৰ্জন কৰে; তাত বাধা দিব নালাগে। লাওপানী
এৰুৱাবলৈ যত্ন কৰিব লাগে। তাকে বুজনি দি; শাস্তি দি
নহয়। মুঠতে মানুহবিলাক এনেকৈ গঢ়িব লাগে যাতে সিহঁতে
নিজে বিবেচনা কৰি বেয়া অভ্যাস এৰি দিয়ে। কোনো বিষয়ে
অসুবিধাত পৰিলে মোলৈ লিখিব। মই যি হয় পৰামৰ্শ দিবলৈ
সাজু থাকিম। প্ৰয়োজন দেখিলে আহিবও পাৰোঁ।”
হাবিৰামে মাধৱৰ কথাত বৰ আনন্দ পালে আৰু তেওঁক
ভক্তিভৰা কৃতজ্ঞতা জনালে।
সেই দিনা ৰাতি মাধৱ ডিব্ৰুগড়তে থাকিল। পিচ দিনা
খাই বৈ মাক-ককায়েকহঁতক সেৱা-সৎকাৰ জনাই তেওঁ
গুৱাহাটীমুৱা হ'ল!
⸺