সকলো কাম হৈ যোৱাত মাধৱে কলে,-“আপোনালোকৰ
উৎসাহ, উদ্যম দেখি মই সন্তোষ পাইছোঁ আৰু এই উৎসাহ
সদায় থাকিব বুলি আশা কৰিছোঁ। এতিয়া স্কুল অতি সাধাৰণ
ভাবে আৰম্ভ হ'ব। তাক গঢ়ি তোলাৰ ভাৰ আপোনালোকৰ
ওপৰত। কিন্তু হাতত অলপ টকা নাথাকিলে সাধাৰণ ভাবে
আৰম্ভ কৰাও সম্ভৱ নহয়। সেই কাৰণে মই এই পঞ্চাশ টকা
আগ বঢ়ালোঁ।”
এতিয়ালৈকে ৰাইজৰ পৰা টকা নিবলৈ কোনোবা
আহিলেও, দিবলৈ কোনো অহা নাছিল। আজি মাধৱৰ পৰা
টকা কেইটা পাই তেওঁলোকৰ আনন্দৰ পাৰ নোহোৱা হ'ল।
মাধৱক কান্ধতে ল’ব নে মূৰতে তুলিব ঠিক কৰিব নোৱৰা হ’ল।
টকাকেইটা গাওঁবুঢ়াৰ হাতত দি হাবিৰামে ক'লে,-
“স্কুলৰ কিতাপ-পত্ৰ, বহী, দোৱাত-কলম আদি কিছুমান বস্তু।
লাগিব। মই সেইবোৰ কালিলৈকে যোগাৰ কৰি লৈ
পৰহিলৈ আহিম। চঠা দিনাৰ পৰা স্কুল আৰম্ভ হ'ব।
সকলো সাজু হৈ থাকিবা।”
মাধৱে ক'লে,-“আজিৰ কাৰ্য্য় শেষ হ'ল। মই আশা
কৰোঁ আকৌ যেতিয়া মই ইয়ালৈ আহিম তেতিয়া যেন
আজিৰ অভাব-অভিযোগ নাথাকে; বাট-পদূলি, ঘৰ-দুৱাৰ
ইয়াতকৈ ভাল হয়; প্ৰত্যেক ঘৰৰ লৰা-ছোৱালীয়ে যেন
লিখিব পঢ়িব পাৰে।”
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৬৩
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫৫
বনুৱা-গাওঁ