সভাত এইটো স্থিৰ হ’ল যে, সম্প্ৰতি স্কুল গাওঁবুঢ়াৰ চ'ৰা-
ঘৰত বহিব। যি বোৰ লৰাৰ ৰাতিপুৱা আজৰি আছে সেই
বিলাকে পুৱা বেলা আৰু যাৰ দিনত আজৰি নাই সেইবোৰে
ৰাতি পঢ়িব। ইচ্ছা কৰিলে ৰাতিৰ স্কুলত ডেকা-বুঢ়ায়ো
পঢ়িব পাৰিব। ইফালে ইয়াৰ ভিতৰতে স্কুলঘৰ সজাৰ
আয়োজনো চলি থাকিব, পাৰিলে কিছু চান্দাও আদায় কৰিব
লাগিব। খৰালি খেৰ-ইকৰা কাটি আনি স্কুলৰ কাম সম্পূৰ্ণ
কৰিব লাগিব।
পণ্ডিতৰ সম্পৰ্কে এয়ে স্থিৰ হ'ল যে তেওঁ কোনো দৰমহা
নাপায়; কিন্তু নিচেই দুখীয়াবিলাকৰ বাহিৰে বাকী-বোৰে
ঘৰমূৰি দিনে একোটা সিধা দিব। এনেতে গাওঁবুঢ়াই
ক'লে,-“এবছৰ পণ্ডিতক মই খুৱাম। মোৰ ঘৰতে থাকিবও
পাৰিব। মোৰ ভঁৰালত ধান আছে, বাৰীত শাক-পাচলি,
বেঙেনা-জলকীয় আছে, গোহলিত গাই আছে, সৌ ওচৰৰ
বিলত মাৰিলেই মাছ পাওঁ। আৰু নো কি লাগিছে! লোণ-
তেলকণ হে কিনিব লাগিব। তাত নো কিমান খৰচ পৰিব।”
গাওঁবুঢ়াক ধন্যবাদ দি সকলোৱে সেই প্ৰস্তাব গ্ৰহণ
কৰিলে।
স্কুল সম্পৰ্কীয় সকলো নিয়ম-প্ৰণালী মাধৱৰ লগত পৰামৰ্শ
কৰি আগেয়ে হাবিৰামে প্ৰস্তুত কৰি ৰাখিছিল। এতিয়া
তেওঁ সেই বোৰ সভাত পঢ়ি শুনালে আৰু সকলোৱে তাক
গ্ৰহণ কৰিলে।
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৬২
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫৪
আবিষ্কাৰ
