পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫৩
বনুৱা-গাওঁ


ইচ্ছা কৰা হ'লে এখেতে মাটিত ভৰি নিদিয়াকৈ মহাসুখে খাই-লৈ থাকিব পাৰিলেহেতেন। কিন্তু এখেতে ৰুগীয়া- দুখীয়াৰ মঙ্গলৰ নিমিত্ত্বে, পিচ পৰি থকা মানুহক আগলৈ আনিবৰ নিমিত্তে নিজৰ সুখলৈ পিঠি দিছে, তোমালোকৰ দুৰৱস্থাৰ কথা শুনিয়েই এখেতে বোকা-পানী ভাঙি তোমালোকক সহায় কৰিবলৈ আহিছে। আন কোনোবা ডাঙৰ মানুহ এনেকৈ কেতিয়াবা অহা দেখিছা জানো? সেই কাৰণে তোমালোক যদি ভাল হ'ব খোজা, এখেতে কি কয় ভালকৈ শুনিবা আৰু মনত ৰাখিবা।”.
 তাৰ পাচত মাধৱ উঠিল; প্ৰথমতে আন গাৱঁৰ তুলনাত সেই গাওঁ কিমান পিচ পৰা তাক তুলনা কৰি দেখুৱাই কেনেকৈ তাৰ উন্নতি কৰিব পাৰি তাৰ আলোচনাত ধৰিলে। গাৱঁৰ অৱস্থা উন্নত কৰিবলৈ, বাট-পদূলি, খোৱা পানীৰ সুব্যৱস্থাৰ নিমিত্তে বোৰ্ডৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ, জ্বৰ-নৰিয়াত সুচিকিৎসা পাবলৈ আৰু অসমীয়া সমাজত আনৰে সৈতে সমান অধিকাৰ দাবী কৰিবলৈ প্ৰথমতে যে শিক্ষা লাগিব আৰু তাকে কৰিবলৈ হলে আনৰ হাত-মুখলৈ চাই নাথাকি নিজৰ শক্তিৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব তাক নানা যুক্তিৰে তেওঁ গাজত লাগি যোৱাকৈ সকলোৰে আগত দাঙি ধৰিলে। প্ৰত্যেকটো কথা ফঁহিয়াই ফঁহিয়াই বুজাই দিওঁতে তেওঁৰ এঘণ্টামান সময় লাগিল। বক্তৃতাৰ শেষত ৰাইজৰ মতামত সুধিলত সকলোৱে স্কুল পাতিবলৈ একবাক্যে স্বীকাৰ কৰিলে।