পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫২
আবিষ্কাৰ


নিজা ৰুপিত মাটি আছে সিহঁতে নিজৰ মাটিতে খেতি কৰে আৰু সৰহীয়া মাটি থকাবিলাকে আনকো সেই কামত লগায়। তিৰুতাবিলাকেও মতাৰ অৱস্থা-অনুযায়ী নিজৰ বা পৰৰ ঘৰত কাম কৰি জীবিকা উলিয়ায়। সামাজিক নিয়ম-প্ৰণালী সিহঁতৰ মাজত বৰ ঢিলা, বিশেষকৈ বেচি দুখীয়াবিলাকৰ মাজত। একোজনী তিৰুতা গিৰীয়েক জীয়াই থাকোঁতেই আন এটালৈ গুচি যায়। মতায়ো যে তেনে নকৰে এনে নহয়। সদায় নহলেও সপ্তাহত দুই-এদিন লাওপানী খোৱা অভ্যাস বহুতৰেই আছে। গোটেই গাৱঁত মাত্ৰ ছটা লৰাই আখৰ চিনে; তাৰে এটা মাথোন প্ৰাইমাৰী পাচ, দুই-এটা ইংৰাজী শব্দও জানে। ওচৰত কোনো স্কুল নাই, দূৰৈৰ স্কুললৈকো বাট-পথৰ অসুবিধাৰ কাৰণে সৰু লৰা-ছোৱালী যাব নোৱাৰে।
 গাওঁখনৰ ভিতৰত গাওঁবুঢ়াৰ ঘৰখনেই কিছু উন্নত। থকা ঘৰ কেইটা আনতকৈ ডাঙৰ, ভঁৰালটোও সৰু নহয়। এটা চৰা ঘৰো আছে। প্ৰাইমাৰী পাচ কৰা লৰাটো তেওঁৰে পুতেক।
 গাওঁবুঢ়াৰ ঘৰৰ আগতে সভাৰ ঠাই ঠিক কৰা হৈছিল আৰু মতাই মাইকীয়ে গাৱঁৰ সৰহ ভাগ মানুহেই গোট খাইছিল। এদল মানুহে আধা মাইলমান আঁতৰৰে পৰা মাধৱক আগ বঢ়াই নিছিল। তেওঁ গৈ সভাস্থল পোৱাৰ লগে লগে সকলোৱেই জয়ধ্বনি কৰি উঠিল।
 প্ৰথমতে হাবিৰামে মাধৱৰ পৰিচয় দি কলে,-“এখেত নিজে উকীল, ককাইদেৱেক হাকিম, ঘৰৰ অৱস্থাও ভাল।