মাধৱ। চাহ বাগিচা আদিৰ পৰা ওলোৱা বহুত বনুৱাই
বহুত ঠাইত গাওঁ পাতি বসতি কৰিছে। সিহঁত যদিও সাজ-
পৰি আৰু ভাষাত বহু পৰিমাণে অসমীয়া হৈ আহিছে, তথাপি
অসমীয়া সমাজত জাহ যাব পৰা নাই। অসমীয়াই সিহঁতক
“বঙাল” পাতি থৈছে আৰু সিহঁতেও নিজক অসমীয়াৰ পৰা
বেলেগ জাতি বুলি ভাবি আহিছে। সিহঁত প্ৰায়েই নিৰক্ষৰ।
সিহঁতৰ মাজত সোমাই অসমীয়া ভাষাৰ জৰিয়তে সিহঁতক
শিক্ষা দিব পাৰিলেই আপোনাৰ উদ্দেশ্য সিদ্ধি কৰিবলৈ চল
লাগিব। শিক্ষাৰ লগে লগেই সিহঁতৰ ধৰ্ম্ম-কৰ্ম্ম আচাৰ-
ব্যৱহাৰ, সাজ-পাৰ আদিৰো সংস্কাৰ সাধন কৰা কঠিন নহ'ব
মোৰ মতে এই কামকে আপুনি হাতত লওক। এই বিষয়ে
মই কেতিয়াবাই এখন আঁচনি প্ৰস্তুত কৰিছিলো। কিন্তু
বৰ্ত্তমান দেশৰ গতি-গোত্ৰ দেখি তাক হাতত ল'বৰ সুবিধা
কৰিব পৰা নাই।
হাবি। আপোনাৰ আঁচনিৰ আৱাসটো দিব নে?
মাধৱ। মোৰ আঁচনি চমুকৈ এই সমগ্ৰ অসমৰ
নিমিত্তে শঙ্কৰ সঙ্ঘ বা শঙ্কৰ মিশন নাইবা সদৌ অসম সেৱা
সংঘ নামে এখন কেন্দ্ৰীয় সত্ৰ পতা হওক, ইয়াৰ নিমিত্তে কেই
লাখমান টকাৰ এটা পুজি প্ৰতিষ্ঠা কৰা হওক। এই সত্ৰ
হ’ব এক প্ৰকাৰ বিশ্ববিদ্যালয়। ইয়াত যথেষ্ট কৰ্ম্মীক শিক্ষা
দিব লাগিব। তেওঁলোক হয় আজীৱন, নহয় কোনো এক
নিৰ্দ্দিষ্ট সময়ৰ নিমিত্তে কেৱলীয়া হৈ থাকিবলৈ প্ৰতিশ্ৰুত হ’ব
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৪৮
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪০
আবিষ্কাৰ
