পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৪৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৯
সভ্যতাৰ আবৰ্জ্জনা।


আহুকাল বোধ কৰিলেও এটা কথাত আনন্দ পালে যে অসমৰ একেবাৰেই পূব কোণতো তেওঁৰ অজ্ঞাতসাৰে তেওঁৰ আদৰ্শলৈ শ্ৰদ্ধা থকা অন্ততঃ এজন মানুহ আছে।
 মাধৱে ক'লে,-“আপুনি মোক মোৰ আচল ঠাইতকৈ বহুত ওপৰত বহুৱাই থৈ ভুল কৰিছে। মই নেতা নহওঁ, এজন সামান্য সেৱক মাথোন।”
 হাবি। সেয়ে হলেও মোকো আপোনাৰ লগতে সেৱা কৰিবলৈ শিকাওক।
 মাধৱ। সেৱাৰ প্ৰেৰণা অন্তৰৰ পৰা নাহিলে আনে শিকাব নোৱাৰে।
 হাবি। তথাপি গুৰুৰ নিৰ্দ্দেশ পালে সি সহজে আহিব পাৰে।
 মাধৱে কিছু সময় নীৰৱে ভাবিলে। তাৰ পাচত ক'লে,-”বৰ্ত্তমান সময়ত সকলো মানুহেই এক প্ৰকাৰে নহয় এক প্ৰকাৰে ৰাজনৈতিক আন্দোলনত লিপ্ত। সেই কাৰণে আন কোনো আন্দোলনেই গা কৰিব নোৱাৰে।
 কোনোবাই কৰবাত তেনে আন্দোলন কৰিলেও সি ৰাজনীতিৰ মেৰ পাকত সোমাই হেৰাই যাব। সেই কাৰণে এনে এটা কাম উলিয়াই ল'ব লাগিব, যিটো অপোনাৰ আদৰ্শৰ লগত খাপ খায়, আন ফালে গৱৰ্ণমেণ্ট নাইবা কংগ্ৰেচৰ আদৰ্শৰ পৰাও আঁতৰি নাযায়।”
 হাবি। তেনে কাম কি?