মাধৱ। গুৱাহাটীত কি চেষ্টা কৰিব? প্ৰাদেশিক
কংগ্ৰেচ কমিটিৰ ওচৰৰ আবেদন কৰিব খুজিছে হবলা?
হাবি। নাই খোজা। তাত মাধৱচন্দ্ৰ ভুঞা নামে এজন
সংস্কাৰক আছে। মোৰ বিশ্বাস তেওঁৰ ওচৰলৈ গলে তেওঁ
কিবা এটা পথ দেখুৱাই দিব পাৰিব।
এই অপ্ৰত্যাশিত উত্তৰত মাধৱ কিছু সময় মৌন হৈ ৰ'ল।
হাবিৰামে সুধিলে,--“আপোনাক আগে-পিচে দেখা মনত
নপৰে, বোধ কৰোঁ নতুনকৈ আহিছে। অনুগ্ৰহ কৰি পৰিচয়
দিব নে?”
মাধৱ। মই ইয়ালৈ আজিহে আহিছোঁ। মই ইয়াৰ
যাদৱ হাকিমৰ ভায়েক।
হাবি। মই যাৰ নাম লৈছিলোঁ আপুনিয়েই তেন্তে তেওঁ।
মাধৱ! হয়।
হাবি। মোৰ পৰম সৌভাগ্য যে পৰমেশ্বৰে মোৰ
অন্তৰৰ কথা বুজি আপোনাকে মোৰ ওচৰলৈ লৈ আহিল।
যদিও মই আপোনাক আগেয়ে দেখা নাছিলোঁ, তথাপি
আপুনিয়েই বহুত দিনৰ পৰা মোৰ গুৰুৰ স্থান অধিকাৰ কৰি
আহিছে। আপোনাক পালোঁ যেতিয়া মই কিবা এটা বাট
পামেই পাম।
হাবিবাম হঠাৎ উত্তেজিত হৈ উঠিল আৰু মাধৱৰ বাধা
অগ্ৰাহ্য কৰিও তেওঁৰ পদধূলি গ্ৰহণ কৰিলে। মাধৱে কিছু
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৪৬
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৮
আবিষ্কাৰ
