সমললৈ যাওক

পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩০
আবিষ্কাৰ


মাকৰ বৰ আগ্ৰহ জন্মিছিল, আৰু মাধৱক বৰকৈ পীড়াপীড়ি কৰিছিল; আন কি, মাধৱে বিবাহৰ প্ৰতি অনিচ্ছা প্ৰকাশ কৰাত দুই এদিন কান্দিও পেলাইছিল। সেই কাৰণে বিয়াৰ প্ৰস্তাব তুলি হুলস্থূল সৃষ্টি কৰে বুলি মাকৰ কাষ চাপিবলৈ মাধৱে ভয় কৰে। এইবাৰ কিন্তু তেওঁ নোযোৱাকৈ থাকিব নোৱাৰিলে। যাদৱে আগে-পিচে ভায়েকক মাতিলেও সেইটো মাধৱৰ সময় আৰু সুযোগৰ মুখাপেক্ষী কৰি। কিন্তু এইবাৰ তেনে নহয়। এইবাৰ অতি গুৰু প্ৰয়োজনত তেওঁ নগলেই নহয় বুলি যাদৱে বৰ টানকৈ লিখিছিল, মাধৱেও সেই আদেশ পালন কৰা তেওঁৰ অৱশ্য-কৰ্ত্তব্য বুলি গণ্য কৰিছিল।
 ষ্টেচনৰ পৰা যাদৱৰ মটৰত উঠি মাধৱ ককায়েকৰ ঘৰ পালেগৈ। তেওঁৰ বুকু কঁপি আছে, কি জানি তেওঁক এনে ভাবে মতাৰ লগত কিবা বিষম ঘটনাৰ সম্বন্ধ আছে! কিন্তু গৈ একো গম নাপালে। যাদৱ তেতিয়া কাছাৰীত। মাকক সেৱা কৰি আশীৰ্ব্বাদ লৈ মাধৱে গা ধুলে আৰু যতনাই থোৱা আহাৰৰ যথোচিত সদ্ব্যৱহাৰ কৰি এখন্তক বিশ্ৰাম ল'লে। বিশ্ৰামৰ লগে লগে মাক-পুতেকৰ ভিতৰত নানাপ্ৰকাৰ ঘৰুৱা কথা-বতৰাও চলিল।
 আবেলি বেলিকা তেওঁ ঘৰৰ পৰা ওলাই লাহে লাহে ডিব্ৰু নৈৰ কাষ পালেগৈ; তাতে এখন্তক ৰৈ সেন্দুৰী আলিয়ে দি লাহে লাহে যাবলৈ ধৰিলে। বাটত বেচি মানুহ নাছিল, তেওঁৰ আগে আগে এজনী গাভৰু গৈ আছিল। গাভৰু