পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২১
বাৰ্ষিক উৎসৱ


হয় মুঠ সাত শ টকাৰ। আৰু অন্যান্য খৰচ পৰে এশ এঘাৰ টকা পাঁচ অনা। বাকী ছশ ঊনপঞ্চাশ টকা এঘাৰ অনা জমা আছে। স্থায়ী সেৱা-শিবিৰ, কাৰ্য্য়ালয় আৰু তাৰ বাবে লাগতিয়াল মাটি এই টকাৰে নহয় কাৰণে তাক খৰচ কৰা নাই। এতিয়ালৈকে মাধৱৰ ঘৰতেই কাৰ্য্য়ালয়ৰ সকলো কাম চলিছে, তাৰ বাবে সমিতিয়ে কোনো ভাড়া দিব লগা হোৱা নাই।
 বছেৰেকীয়া ৰিপোৰ্ট গৃহীত হোৱাৰ পাচত আগৰ কাৰ্য্য়- কাৰক সকলে অৱসৰ গ্ৰহণ কৰিলে। নতুনকৈ কাৰ্য্য়-নিৰ্ব্বা হক সমিতি গঠিত হ’ল। নিৰ্ব্বাচিত সদস্যৰ ভিতৰত ৰায় চাহাব আৰু মাধৱৰ বাহিৰে সকলো কংগ্ৰেচী। সেই কাৰণেই ৰায় চাহাব সমিতিত থাকিবলৈ অসম্মত হ'ল। মাধৱেও আপত্তি তুলিলে। তেওঁ ক'লে,-“মোৰ এনেয়ে সমিতিত থাকিবলৈ আপত্তি নাছিল, কিন্তু দলৰ বাকীসকলৰ লগত মোৰ ৰাহি- পুঁজি অহাৰ সম্ভাবনা নাই। সেৱা-সমিতিত কোনো প্ৰকাৰৰ জাত-বিচাৰ থকা উচিত নহয়। কিন্তু বৰ্ত্তমান আন্দোলনত সকলো মানুহক কংগ্ৰেচী আৰু অকংগ্ৰেচী নামে দুটা জাতত ভগোৱা হৈছে। কোনো কোনো ঠাইত অকংগ্ৰেচী মানুহক কংগ্ৰেছী দলে অস্পৃশ্য বুলিও প্ৰকাৰান্তৰে ঘোষণা কৰিছে। এতিয়াও যদি সমিতিৰ সদস্যসকলে এইটোকে স্থিৰ কৰে যে কংগ্ৰেচত যোগ নিদিয়া বা কংগ্ৰেচ-বিৰোধী লোকক কোনো সাহায্য কৰিব নালাগে, তেন্তে সি আমাৰ উদ্দেশ্যটোকে নষ্ট