কংগ্ৰেচৰ কথাহে বাহুল্যভাবে আলোচিত হৈছিল। তেওঁক
বক্তৃতাত এইটোও আভাস দিয়া হৈছিল যে সেৱা-সমিতিকে
আদি কৰি যিবোৰ সমিতি বৰ্ত্তমান আছে সকলো কংগ্ৰেচৰ
অন্তৰ্ভুক্ত হোৱা উচিত।
সভাপতিৰ বক্তৃতাৰ অন্তত সেৱা-ধৰ্ম্ম-বিষয়ে এটি কবিতা
পাঠ হোৱাৰ পিচত সম্পাদকে বছেৰেকীয়া কাৰ্য্য়-বিবৰণী পাঠ
কৰিলে। তাৰ পৰা জানিব পৰা গ'ল যে যোৱা বছৰত এই
সমিতিৰ পুঁজিত সোতৰ শ পঁয়ষষ্টি টকা গোট খাইছিল।
ৰায় চাহাবৰ পাঁচশ টকাৰ বাহিৰে বাকী টকাৰ চাৰি ভাগৰ
তিনি ভাগ চাকৰিয়ালৰ পৰা আৰু বাকী চাৰি ভাগৰ এভাগ
অন্যান্য লোকৰ পৰা পোৱা হৈছিল। পুঁজিৰ টকা কম
হোৱাত হাতত ল'ব খোজা সকলো কাম ল'ব পৰা নগ'ল।
তথাপি এই সমিতিৰ যোগেদি তলত লিখা কামখিনি কৰা
হৈছিল।
মাত্ৰ ত্ৰিশ জন লোকেৰে এটা স্বেচ্ছা-সেৱক-বাহিনী
গঠিত কৰি প্ৰয়োজনীয় শিক্ষা দিয়া হয়। তেওঁলোকে মুঠ
এশ আঠ জন ৰোগীক শুশ্ৰূষা কৰে। তাৰ ভিতৰত চোবিশ
জন টাইফয়েড, গ্ৰহণী, কলেৰা আদি সাংঘাতিক ৰোগগ্ৰস্ত।
এই চৌবিশ জনৰ ভিতৰত তেৰ জনৰ মৃত্যু হয়। এই সকলৰ
বাহিৰেও মৃতদেহ সৎকাৰ কৰা হয় আঠাইশ জনৰ।
ৰোগীক পথ্য যোগোৱা হয় তিনি শ চাৰি টকাৰ; ভিকহু
আৰু নিৰাশ্ৰয় মানুহক কাপোৰ, কম্বল আৰু চাউল দিয়া
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১২৮
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২০
আবিষ্কাৰ
