পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আবিস্কাৰ

বিলাকক উৎপীড়ন কৰিছিল আৰু মানুহবোৰে তৎ নাপাই চিঞৰি আছিল। সেই চিঞৰ শুনি এই দেবীয়ে সিহঁতক ৰক্ষা কৰিবলৈ আহিছে আৰু দেৱীক দেখি ভয় খাই দৈত্যটো পলাব খুজিছে।

 মাধৱ। তুমি দেখোন সুন্দৰকৈ বুজিছা। বাৰু কোৱাঁ- চোন, এই দৈত্য কোন।

 মালৱিকা। ক'ব নোৱাৰোঁ।

 মাধৱ। এই দৈত্যৰ নাম মহামাৰী। ইয়াৰ এজন বন্ধু আছে, তাৰ নাম দৈন্য। তাৰ বন্ধুৱে যেতিয়া মানুহক পশুতকৈও অধম কৰে, জীৱনী শক্তি টুটাই আনে, তেতিয়া সি সকলোকে ধৰি তেজ পিয়ে। সি কালৈ ভয় কৰে জানানে? সেই যে দেৱীমূৰ্ত্তি দেখিছা তেওঁলৈ, — কৰুণাৰ অজস্ৰ ধাৰ বোৱাই যি হতভাগ্যবিলাকক ঢাকিব পাৰে, সেই মাতৃমূৰ্ত্তিলৈ।

 মালৱিকা। এই ছবিখনৰ বাৰু উদ্দেশ্য কি?

 মাধৱ। এই ছবিৰ উদ্দেশ্য অতি স্পষ্ট। এই ব্যাধি- পীড়িত লোকবিলাকক ৰক্ষা কৰিবলৈ শুশ্ৰুষা লাগে। এই শুশ্ৰুষা আহিব নাৰীৰ পৰা, যাৰ গাত মাতৃত্বৰ পৱিত্ৰতা ষোল কলা।

 মালৱিকা গম্ভীৰ হ'ল। অন্যমনস্ক ভাৱে আৰু এটা পাত লুটিয়ালে। আকৌ এখন ছবি ওলাল। ছবিখন এটা পৰ্ব্বতীয়া জুৰিৰ। পৰ্ব্বতৰ অসংখ্য ডাঙৰ ডাঙৰ শিলৰ মাজেদি জুৰিটি বৈ আহিছে। যদিও পৰ্ব্বতৰ আন অংশত একো নাই, তথাপি