পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৪
আবিষ্কাৰ

 ভাঙিব লাগিব লৌহ-কাৰাগাৰ,
 ছিঙিব লাগিব বন্ধন হাজাৰ,
মচিব লাগিব  দলিত দেহাৰ
 শত লাঞ্ছনাৰ দাগ।

 সঁচা পথ তোৰ কণ্টক-সঙ্কুল,
 সঁচা সম্মুখত বিঘিনি বিপুল,
শত দানৱৰ  বিকট ভ্ৰূকুটি,
 দৈত্যৰ ভৈৰয় ৰাগ।

 শত বৈশ্বানৰে জ্বলাব খাণ্ডৱ,
 শতেক পিশাচে জুৰিব তাণ্ডৱ
উঠিব ফোঁকাৰি  সিঁচি হলাহল
 চৌপাশে সহস্ৰ নাগ।

 তথাপি পাহৰি মৰণৰ ভয়
 কৰিব লাগিব দুৰ্জ্জয় হৃদয়,
লাগিব দলিব  দানৱ, পিশাচ,
 পাতিব মুক্তিৰ যাগ।

 আত্ম বলেৰে হই বলীয়ান,
 উৰাব লাগিব বিজয়-নিচান,
আনিব লাগিব  বাহুৰ বলেৰে
 নিজৰ নায্য ভাগ।