সমললৈ যাওক

পৃষ্ঠা:আদৰণি সম্ভাষণ.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৭]

প্ৰকাশ কৰিব। জনজাতিৰ মাজত অসমীয়া ভাষা আথৰ সলালেই প্ৰিয় হৈ উঠিব, এইটো এটা কপোল-কল্পনা।

 ৰাজনৈতিক সম্বন্ধ আলোচনা কৰা পোনপতীয়াকৈ আমাৰ দখলত নপৰে –কিন্তু ৰাজনৈতিক অৱস্থাৰ প্ৰভাৱ এৰুৱায়ো আমি চলিব নোৱাৰোঁ। লুকাই ৰখা কথা নহয়, ভাৰতীয় স্বাধীনতাৰ আন্দোলনৰ লগে লগে সাহিত্যৰ প্ৰতি মনোযোগ বহুত কমি গৈছে আৰু আজিৰ যুগতো ৰাজনৈতিক ক্ষেত্ৰলৈ জনসাধাৰণৰ যিমান আকর্ষণ বা মনোযোগ দেখা যায়, সাহিত্য বা ভাষাৰ উৎকৰ্ষ সাধনলৈ মানুহৰ সেই আগ্ৰহ নাই। আমাৰ দেশত বুলিয়েই নহয়, আন ঠাইতো সেই একে অৱস্থ| দেখা যায় । ফৰাচী লিখক আঁন্দ্রে ময়ৰাই সিদিনা কথা প্রসঙ্গত কৈছে যে হিটলাৰী যুগত জাৰ্মানীত লেখত লবলগীয়া কোনো সাহিত্যৰ সৃষ্টি হোৱা নাছিল। আনফালে বলছেভিক আমলত নতুন ভাবৰাজ্যৰ লগত খাপ খোৱাকৈ ৰুচিয়াত নতুন সাহিত্যৰ সৃষ্টি হৈছে। জনসাধাৰণৰ মাজত ভাবৰ আৰু আদৰ্শৰ বন্যা আহিলে সাহিত্যতো প্লাৱন আহিব। গণ-নাট্য বা গণ- সাহিত্যৰ প্ৰচেষ্টাৰ আমি বিৰোধী নহওঁ কিন্তু যদি শ্রেণী বিশেষক লৈ আবদ্ধ থাকে তেতিয়া সাহিত্য সৰ্ব্বব্যাপী নহৈ ব্যথিতগতি হোৱাৰ আশঙ্কা এটা থাকে।

 নাটক আৰু সঙ্গীত ‘একাডেমি আদি নতুন প্রচেষ্টাই সাহিত্যত নবযুগৰ সূচনা মেলিব বুলি আমি আশা কৰোঁ। কেবাখনো বোলছবি বা কথাছবি অসমীয়া ভাষাত প্ৰকাশ হোৱাত আমি আনন্দ পাইছোঁ আৰু জনসাধাৰণৰ মাজত ইয়াৰ দ্বাৰা অসমীয়া ভাষা আৰু কৃষ্টিৰ আদৰ বাঢ়িব বুলি আমাৰ ধাৰণা। ভাৰত চৰকাৰৰ দ্বাৰা নিয়ন্ত্রিত হলেও আকাশবাণীয়ে আমাৰ সাহিত্য, ৰচনা, সঙ্গীত, নাটক আদি বহুত বিষয়তে অকল আল ধৰাই নহয়,—প্রেৰণাও যোগাইছে বুলি কব পাৰোঁ।

 আমাৰ সাহিত্যৰ বা দেশৰ ভবিষ্যত ধৰণী হল উঠি অহা লৰা ছোৱালী সকল। শিশু অৱস্থাতে সুশিক্ষাৰ বা উন্নত ধৰণৰ শিক্ষাৰ বীজ পচাব পাৰিলে তেওঁলোকৰ আৰু দেশৰ উন্নতি অনিবার্য্য। শিশু সাহিত্যলৈ আমাৰ আৱশ্যকীয় পৰিমাণে মনযোগ দিয়া হোৱা নাই, কিতাপ দেখিলে লৰাই ভয় নকৰা ধৰণৰ পাঠ্যৰ একান্ত অভাৱ।