সমললৈ যাওক

পৃষ্ঠা:আদৰণি সম্ভাষণ.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৬]

স্থানীয় স্কুল-কলেজ বা আদলততে অকল ইয়াৰ স্থান নহব, ৰাজ্যিক সকলো অনুষ্ঠানতে ইয়াৰ স্থান থাকিব। সেই কাৰণে আমাৰ চেষ্টা হোৱা উচিত ইয়াক কেনেকৈ টনকিয়াল কৰিব পাৰোঁ ৷ বহুতে বিশ্বাস কৰে যে অনুবাদ সাহিত্যৰ দ্বাৰা আমাৰ ভাষা আৰু সাহিত্য সহজে চহকী কৰিব পৰা যায়,— মই অনুবাদৰ বিৰোধী নহলেও এইটোৱে প্রকৃষ্ট পন্থা বুলি নাভাবোঁ। মৌলিক সাহিত্যইহে ভাষা আৰু সাহিত্যৰ স্থান নির্দেশ কৰে। সাহিত্য জীৱনৰ প্ৰতিচ্ছবি, – আমাৰ জীৱন পন্থ৷ যদি উন্নত হয়, সাহিত্য উন্নত ধৰণৰ হবলৈ বাধ্য। আমাৰ চিন্তা প্রণালী যদি উন্নত স্তৰৰ হয়, সাহিত্যত তাৰ ছাপ পৰিব, – আমাৰ প্ৰাণ যদি স্বচ্ছল আৰু অনুভূতি সবল হয়, ভাষা তেতিয়াহে প্রাঞ্জল হব । সপোনত সাহিত্য ফুটি নুঠে - কঠোৰ শ্ৰম আৰু সাধনাৰ ফলত যি সাহিত্য গঢ়ি উঠে, সেয়েহে জাতিৰ স্থায়ীত্বসূচক সাহিত্য ।

আমাৰ ৰাজনৈতিক স্বাধীনতাই সাহিত্যত এটা নতুন যুগ আনিব বুলি আশাকৰোঁ। ৰাজনৈতিক স্বাধীনতাই সামাজিক দায়িত্ব আৰু গৰিষ্ঠতাবোধও আনে আৰু তাৰ প্ৰতিচ্ছবি সাহিত্যত পৰিব সন্দেহ নাই ৷ আমাৰ ৰাষ্ট্ৰীয় ভাষা হিন্দী হোৱাৰ ফলত দুই এজনে অনুমান কৰে, আৰু তাৰ ভিতৰত সজ বিবেচক লোকো আছে, যি সকলে ভাবে যে হিন্দীৰ সংঘাতত অসমীয়া ভাষাই কিজানি নিম্নতৰ স্থান অধিকাৰ কৰে। মোৰ মনেৰে এনে আশঙ্কাৰ একো কাৰণ নাই । হিন্দী ভাষা অসমীয়াৰ নিচিনা আৰ্য বা Indo Aryan গ্রুপৰে ভাষা; --আমাৰ সাহিত্য বা ভাষাৰ পৰিপন্থী বীজ তাত একো নাই, বৰং বহুত হিন্দীশব্দ আমাৰ মাজত আগৰে পবা প্রচলিত আছে,--আৰু তাৰ গঠন প্রণালী ভালেখিনি আমাৰ ভাষাৰে নিচিনা।

মাজতে বাতৰি কাকতত আলোচনা দেখিছিলোঁ যে হিন্দী আখৰ বা ‘হৰফ’ অসমীয়া ভাষাত চলোৱাৰ বাবে সমাজৰ কোনো কোনো কৰ্ণধাৰ ব্যক্তিয়ে ইচ্ছা প্রকাশ কৰিছে। ইয়াৰ সাৰ্থকতা আমি অকণো দেখা নাই । সাহিত্য আৰু ভাষাৰ সৌষ্ঠৱেহে লোকৰ মন আকৰ্ষণ কৰে,— আখৰ সলাই সৰবৰহী হোৱাৰ একো অৰ্থ নাই বৰং এয়ে আমাৰ দুৰ্ব্বলতাহে