পৃষ্ঠা:আদি পাঠ (দ্বিতীয় ভাগ).pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[২৬] ইয়াতেই কিন্তু আমাৰ কৰ্ত্তব্য শেষ নহয়। আমি নিজে নিজৰ ঘৰ-বাৰী বাট পদূলি চাফা কৰি ৰাখিব লাগে। ভাল পানীটোপাৰ যোগাৰ কৰিব লাগে। গাৱঁৰ আটাই মানুহকে মাতি বুলি আনি গাৱঁৰ৷ অহা-যোৱ৷ বাট, পানী যোৱ৷ বৈ, নাম- ঘৰ, মছজিদ ঘৰ, স্কুলঘৰ আদি ভাল কৰি ৰাখিব লাগে। গাৱঁত যাতে দুষ্ট মানুষে দুষ্টালি কৰিব নোৱাৰে আৰু খলুৱা মানুহে খল লগাই হাই-কাজিয়৷ মেল-মকদ্দম৷ কৰাব নোৱাৰে তাৰ প্ৰতি চকু দিব লাগে। কোনে৷ দন্দ-পেচাল লাগিলেও গাৱঁৰ মুখিয়াল মানুহৰ কথা শুনি সেই মেল গাৱঁতে মাৰিব লাগে। আজি কালি দেশত চোৰ বদমাইচ বহুত হল। বিদেশৰপৰাই তেনে মানুহ বেছিকৈ আহে। সেইবোৰ মানুহৰ দগা-